নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীৰ ২৮ স্থানত তিনি দিনলৈ বন্ধ পানী যোগান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৫ নৱেম্বৰঃ গুৱাহাটী মহানগৰীত খোৱাপানীৰ ব্যাপক সংকতে দেখা দিয়াৰ সময়তে গুৱাহাটী পৌৰ নিগম আৰু পয়ঃপ্রণালী ব’ৰ্ডৰ পানী যোগান অনিয়মীয়া হৈছে৷ সেই লৈ মহানগৰীৰ গ্রাহকসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মহানগৰবাসীক বিশুদ্ধ খোৱাপানী যোগান ধৰাৰ বাবে চৰকাৰ–প্রশাসনে বিভিন্ন আঁচনি গ্রহণ কৰিছে যদিও মহানগৰবাসীয়ে পোৱা নাই পর্যাপ্ত পৰিমাণে বিশুদ্ধ খোৱাপানী৷ শেহতীয়াকৈ গুৱাহাটী জলব’র্ডে জাইকাৰ অধীনস্থ পানী যোগান আঁচনিৰ অধীনত মহানগৰীত নতুনকৈ খোৱাপানীৰ সংযোগ দিছে যদিও গুৱাহাটী জল ব’ৰ্ডৰ সংযোগ লোৱা বহু পৰিয়ালে আজিও পোৱা নাই পর্যাপ্ত খোৱাপানী৷ পানীৰ পাইপ পুতিয়েই দায়িত্ব সামৰিছে গুৱাহাটী জলব’র্ডে৷ ইপিনে, মহানগৰীত ক্রমাৎ জলস্তৰ ভূগর্ভৰ নিম্নস্তৰলৈ নামি যোৱাত মহানগৰীৰ বিভিন্ন পানীৰ উৎসসমূহ শুকাই যাবলৈ আৰম্ভ কৰিছে৷ তাৰ বাবে মহানগৰীত শেহতীয়াকৈ খোৱাপানীৰ ব্যাপক সংকট দেখিবলৈ পোৱা গৈছে৷ বহু পৰিয়ালে পানী ক্রয় কৰি চলিবলগীয়া হৈছে যদিও বহুতেই খোৱাপানীৰ পৰা বঞ্চিত হৈছে৷ খোৱাপানীৰ সংকট চলি থকাৰ মাজতে গুৱাহাটী মহানগৰ খোৱাপানী আৰু প্রয়–প্রণালী ব’র্ডে এক জাননীযোগে কাইলৈৰ পৰা ১৭ নৱেম্বৰলৈ মহানগৰীৰ ২৮টা স্থানত পানী যোগান বন্ধ ৰখাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ প্রাপ্ত জাননী অনুসৰি, কাইলৈৰ পৰা অমিয়নগৰ, চানমাৰি, ৰাজগড়, লাচিতনগৰ, উলুবাৰী, ৰূপনগৰ, বৰা ছার্ভিচ, বৃহত্তৰ জুৰোড, অনিল নগৰ, নবীন নগৰ, তৰুণ নগৰ, শ্রীনগৰ, ভাস্কৰনগৰ, এমটি ৰোড, গীতানগৰ, অম্বিকাগিৰি নগৰ, সুন্দৰপুৰ, মাণিকনগৰ, হেঙেৰাবাৰী, স্বৰাজ নগৰ, ড০ জাকিৰ হুছেইন পথ, ডাউন টাউন, বৰমটৰীয়া, ৰামছা হিল, লতাশিল, শিলপুখুৰী, পাণবজাৰ আৰু খাৰঘূলি অঞ্চলত তিনিদিনৰ বাবে বন্ধ থাকিব প্রয়ঃপ্রণালী পানী যোগান৷ উল্লেখ্য যে অমিয় নগৰ, লিচুবাগান আৰু ৰামছা হিলকে ধৰি বিভিন্ন অঞ্চলত পানীৰ পাইপ মেৰামতিৰ লগতে ন ন অঞ্চলত পানীৰ পাইপ মেৰামতি অথবা সংযোগৰ নামত প্রয়ঃপ্রণালী ব’র্ডে এই সিদ্ধান্ত গ্রহণ কৰিছে৷ নির্দিষ্ট সময়ছোৱাত গ্রাহক, ৰাইজৰ সহযোগিতা কামনা কৰিছে গুৱাহাটী মহানগৰ খোৱাপানী আৰু প্রয়ঃপ্রণালী ব’র্ডে৷

You might also like