ৰকেট বিমান : মাত্র ৩৯ মিনিটতে নিউয়র্কৰ পৰা পাব ছাংহাই
🔹 অসম্ভৱক সম্ভৱ কৰি তোলাৰ পৰিকল্পনা এলন মাস্কৰ
🔹 প্রতিঘণ্টাত ১৬,৭০০ মাইল বেগেৰে চলিব আন্তঃমহাদেশীয় ৰকেটৰ লেখীয়া বিমান
নিউজ ডেস্ক, ১৫ নৱেম্বৰ : অসম্ভৱক সম্ভৱ কৰি তোলাৰ পৰিকল্পনা এলন মাস্কৰ৷ বিশ্বৰ এক নম্বৰ ধনাঢ্য ব্যক্তি এলন মাস্কে প্রতিনিয়ত আধুনিক বিজ্ঞান আৰু প্রযুক্তিবিদ্যাৰ জৰিয়তে অসম্ভৱক সম্ভৱ কৰাৰ বাবে উদগ্ৰীৱ হৈ থাকে৷ প্রথমবাৰৰ বাবে মহাকাশলৈ মাস্কৰ মহাকাশ কোম্পানী স্পেচএক্সে মহাকাশ যানেৰে পর্যটকক প্রেৰণ কৰি মহাকাশ যাত্রাত নতুনত্বৰ সূচনা কৰে৷ ইয়াৰ উপৰি প্রথমবাৰৰ বাবে উৎক্ষেপণ কেন্দ্রলৈ ৰকেট ওভতাই আনি মহাকাশ অভিযানত ইতিহাস ৰচনা কৰাৰ পাছত এইবাৰ মাস্কে ৰকেট যাত্রীৰ পৰিকল্পনা কৰিছে৷ আর্থ টু আর্থ অভিযানেৰে মাস্কে এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ উৰণ যাত্রা অতি কম সময়তে সম্পন্ন কৰিব৷ তদুপৰি এঘণ্টাৰ ভিতৰতে পৃথিৱী পৰিভ্রমণ কৰাৰ পৰিকল্পনাক বাস্তৱায়িত কৰাৰ লক্ষ্য লৈছে মাস্কে৷ ৰকেটত যাত্রী কঢ়িয়াই এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ কেইমিনিটমানৰ ভিতৰতে যাত্রা সম্পন্ন কৰিব৷ এলন মাস্কে প্রকাশ কৰা মতে, এঘণ্টাৰ ভিতৰত পৃথিৱী পৰিভ্রমণ কৰা ষ্টাৰশ্বিপ ৰকেট সম্ভৱ হ’ব৷ ড’নাল্ড ট্রাম্প আমেৰিকা যুক্তৰাষ্ট্রৰ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি পুনৰ নির্বাচিত হোৱা বাবেই তেওঁৰ এই সপোন সম্ভৱ হ’ব৷ এক দশক পূর্বেই মাস্কে তেওঁৰ স্পেচএক্সৰ ৩৯৫ ফুট ষ্টেইনলেছ ষ্ট্রীল ৰকেট ষ্টাৰশ্বিপেৰে এখন প্রধান চহৰৰ পৰা আন এখন প্রধান চহৰলৈ অভিলেখ ভংগকাৰী যাত্রী কঢ়িওৱাৰ পৰিকল্পনা কৰিছিল৷ লণ্ডনৰ পৰা নিউয়র্কলৈ যাত্রাত মাত্র ৩০ মিনিট৷ তেনেদৰে নিউয়র্কৰ পৰা ছাংহাইলৈ মাত্র ৩৯ মিনিট৷ উৰণৰ পথক নতুন গতি দিবলৈ বিচৰা মাস্কে এখন মহাদেশৰ পৰা আন এখন মহাদেশলৈ যাত্রাৰ সময়ত ষ্টাৰশ্বিপ ৰকেটৰ গতি প্রতিঘণ্টাত ১৬৭০০ মাইল হ’ব বুলিও প্রকাশ কৰিছে৷ মাস্কে এই পৰিকল্পনাক ভিডিঅ’যোগেও প্রচাৰ কৰিছে৷ মন কৰিবলগীয়া যে এলন মাস্কৰ কোম্পানী টেছলাই অলপতে পানীৰে চলাব পৰা গাড়ী নির্মাণ কৰি উলিয়াইছে৷ পানীক ইন্ধন হিচাপে ব্যৱহাৰ কৰি গাড়ী চলাবলৈ সক্ষম হৈছে৷ এলন মাস্কৰ এনে অদ্ভুত পৰিকল্পনা সফল হোৱাৰ প্রতি লক্ষ্য ৰাখি শীঘ্রেই যাত্রী কঢ়িওৱা ৰকেটেৰে ইখন মহাদেশৰ পৰা সিখন মহাদেশ কেইমিনিটমানৰ ভিতৰত অতিক্রম কৰিব পৰাটো বাস্তৱায়িত হোৱাৰ ইংগিত প্রতিফলিত হৈছে৷