নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চৰকাৰী কর্মীৰ ভুলৰ বাবে ‘অন্তঃসত্ত্বা’ ৪০ অবিবাহিতা তৰুণী !

🔹 মাতৃ হোৱাৰ শুভেচ্ছা বার্তা পোৱাৰ পাছতে হুলস্থূল

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : উত্তৰ প্রদেশৰ একেখন গাঁৱৰ ৪০গৰাকী অবিবাহিতা তৰুণী ‘অন্তঃসত্ত্বা’ হৈ পৰিছে! অবিশ্বাস্য যেন লাগিলেও এনে ঘটনা ঘটিছে বাৰাণসীৰ মহলিয়া গাঁৱত৷ মাতৃ হোৱাৰ আগতীয়া শুভেচ্ছা বার্তাও পঠিওৱা হৈছে তেওঁলোকলৈ৷ অকল সেয়াই নহয়, এগৰাকী অন্তঃসত্ত্বাই কি কি চৰকাৰী সুবিধা পাব, সেই বার্তাও ম’বাইলৰ জৰিয়তে জনাই দিয়া হৈছে ৰাজ্যখনৰ শিশু উন্নয়ন দপ্তৰৰ পৰা৷ এগৰাকীৰ পাছত এগৰাকী তৰুণীয়ে এনেদৰে ‘মাতৃ’ হোৱাৰ আগতীয়া শুভেচ্ছা বার্তা লাভ কৰাৰ লগে লগে হুলস্থূল সৃষ্টি হৈছে গাঁওখনত৷ ম’বাইলত চৰকাৰী বার্তা পোৱাৰ পাছতে গাঁওখনৰ অবিবাহিতা তৰুণীসকল হতবাক হৈ পৰে৷ অন্তঃসত্ত্বাসকলৰ বাবে কেনেধৰণৰ চৰকাৰী সুযোগ–সুবিধা পোৱা যায় সেয়া স্থানীয় অংগনৱাড়ী কেন্দ্রৰ পৰা জানি ল’বলৈও নির্দেশ দিয়া হৈছে এই তৰুণীসকলক৷ সবিশেষ জানিবলৈ ১৪৪০৮ নম্বৰত যোগাযোগ কৰিবলৈ তৰুণীসকলক বার্তাযোগে জনাই দিয়া হৈছে৷ এই চৰকাৰী বার্তা লাভ কৰাৰ পাছতে তৰুণীসকলে আৰক্ষীক অভিযোগ দিয়ে৷ বাৰাণসীৰ মুখ্য শিশু উন্নয়ন বিষয়া হিমাংশু নাগপালে সংবাদ মাধ্যমক জনোৱা অনুসৰি ইতিমধ্যে ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে৷ অংগনৱাড়ী কর্মীসকলৰ ভুলৰ বাবে এই ঘটনা ঘটিছে বুলি নাগপালে সংবাদ মাধ্যমক জনাইছে৷ ইতিমধ্যে কর্তব্যত গাফিলতিৰ অভিযোগত অংগনৱাড়ী কর্মীসকললৈ কাৰণ দর্শোৱাৰ জাননীও জাৰি কৰা হৈছে৷

You might also like