নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাংলাদেশৰ সংবিধানৰ পৰা বাদ দিয়া হ’ব ‘ধর্মনিৰপেক্ষতা’ শব্দ

🔹 হাছিনাৰ সংশোধনী বাতিলৰ বাবে তৎপৰ ইউনুছ

নিউজ ডেস্ক, ১৫ নৱেম্বৰ : মুছলিম সংখ্যাগৰিষ্ঠ বাংলাদেশৰ সংবিধানত ‘ধর্মনিৰপেক্ষতা’ শব্দৰ প্রয়োজন নাই৷ কালি মহম্মদ ইউনুছ নেতৃত্বাধীন অন্তর্ৱর্তী চৰকাৰে বাংলাদেশ উচ্চ ন্যায়ালয়ত পঞ্চদশ সংবিধান সংশোধন বাতিলৰ বাবে আবেদন জনাই এই সন্দর্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰিছে৷ ন্যায়াধীশ ফাৰাহ মেহবুব আৰু ন্যায়াধীশ দেৱাশিস ৰায়চৌধুৰীৰ বিচাৰপীঠত অন্তর্ৱর্তী চৰকাৰৰ এটর্নী জেনেৰেল মহম্মদ আছাদুজ্জামানে উল্লেখ কৰে যে পঞ্চদশ সংবিধান সংশোধনীৰ জৰিয়তে সংবিধানৰ বুকুত কুঠাৰাঘাত কৰা হৈছে৷ অৱশ্যে প্রাথমিকভাৱে ধর্মনিৰপেক্ষতাৰ প্রসংগ এৰাই চলি এটর্নী জেনেৰেলগৰাকীয়ে এইক্ষেত্রত তুলি ধৰিছে ‘মৌলিক অধিকাৰ’ৰ প্রশ্ণ৷ কাৰণ শ্বেইখ হাছিনাৰ প্রধানমন্ত্রিত্বৰ সময়ত এই সংশোধনীৰ জৰিয়তে ‘তত্ত্বাৱধায়ক চৰকাৰৰ নিয়ন্ত্রণত জাতীয় সংসদ নির্বাচন আয়োজন’ কৰাৰ সাংবিধানিক বাধ্যবাধকতা বাতিল কৰা হৈছিল বুলি এটর্নী জেনেৰেলগৰাকীয়ে আদালতত যুক্তি দর্শাইছে৷

You might also like