নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লাহোৰত তিনি মাহলৈ বন্ধ বিবাহ অনুষ্ঠান

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ নৱেম্বৰঃ বায়ু প্রদূষণৰ ফলত গেছ চেম্বাৰৰ দৰে পৰিস্থিতি হৈছে পাকিস্তানৰ লাহোৰত সমগ্র দেশখনতে ভয়াৱহ বায়ু প্রদূষণৰ সৃষ্টি হৈছে যদিও লাহোৰৰ পৰিস্থিতি আটাইতকৈ ভয়াৱহ হিচাপে চিহ্ণিত হৈছে৷ চহৰখনৰ বতাহৰ গুণগত মান বর্তমান ১,১৬৫৷ গুৰুতৰ এই পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ একাধিক নির্দেশনা জাৰি কৰিছে প্রশাসনে৷ পৰিস্থিতি স্বাভাৱিক নোহোৱালৈকে আগন্তুক তিনিমাহ পর্যন্ত বিবাহ অনুষ্ঠান বন্ধ ৰখাৰ নির্দেশ দিছে প্রশাসনে৷ অর্থাৎ লাহোৰত এই ভয়াৱহ বায়ু প্রদূষণ চলি থাকিলে তিনি মাহলৈকে বিবাহ অনুষ্ঠান সম্ভৱ নহ’ব৷ উল্লেখ্য যে যোৱা ২৪ ঘণ্টাত লাহোৰত বায়ু প্রদূষণৰ ফলত অসুস্থ হৈ পৰিছে ১৫ হাজাৰ লোক৷ চহৰখনৰ হাস্পতালসমূহত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে ৰোগীৰ সংখ্যা৷ বায়ু প্রদূষণৰ ফলত এই লোকসকল অসুস্থ হৈ পৰিছে৷ অধিকসংখ্যক লোকেই শ্বাস–প্রশ্বাসৰ সমস্যা, নিউমনিয়া আৰু বুকুৰ সংক্রমণত ভুগিবলগীয়া হৈছে৷

You might also like