পৰমাণু বোমাৰ পৰা দূৰত ৰাখক কৃত্রিম মেধাক
🔹 পেৰুৰ গুৰুত্বপূর্ণ সন্মিলনত সহমত বাইডেন–জিনপিঙৰ
নিউজ ডেস্ক, ১৮ নৱেম্বৰ : পৰমাণু বোমা মানৱ সভ্যতাৰ বাবে অভিশাপস্বৰূপ! তথাপি বিভিন্ন দেশে মজুত কৰি ৰাখিছে এই গণবিধ্বংসী অস্ত্র৷ শেহতীয়াকৈ কোনো কৃত্রিম মেধা (এআই)ই যাতে এই অস্ত্র ব্যৱহাৰ কৰিব নোৱাৰে, সেই বিষয়টোক লৈ মত প্রকাশ কৰিছে চীন আৰু আমেৰিকাই৷ বিদায়ী মার্কিন ৰাষ্ট্রপতি জ’ বাইডেন আৰু চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙে এই সন্দর্ভত সহমত পোষণ কৰিছে পেৰুত অনুষ্ঠিত এছিয়া প্রশান্ত মহাসাগৰীয় অর্থনৈতিক সহযোগিতা সন্মিলনত৷ দুয়োগৰাকী নেতাই এআইৰ হাতলৈ যাতে পৰমাণু অস্ত্র যাব নোৱাৰে, সেই বিষয়টোক লৈ মন্তব্য কৰিছে৷ হোৱাইট হাউছৰ তৰফৰ পৰা প্রকাশিত এক বিবৃতিতো উল্লেখ কৰা হৈছে যে পাৰমাণৱিক অস্ত্র ব্যৱহাৰৰ ক্ষেত্রত মানুহৰ নিয়ন্ত্রণৰ বিষয়টোক লৈ দুয়োগৰাকী নেতাই সহমত পোষণ কৰিছে৷