২২ নৱেম্বৰৰ পৰা পার্থত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ প্রথম টেষ্ট
🔹 অষ্ট্রেলিয়াত কিদৰে প্ৰস্তুতি চলাইছে টীম ইণ্ডিয়াই, জনালে সহঃ প্রশিক্ষক নায়াৰে
নিউজ ডেস্ক, ১৯ নৱেম্বৰ : অষ্ট্রেলিয়াৰ বিৰুদ্ধে ২২ নৱেম্বৰৰ পৰা পার্থত আৰম্ভ হ’ব ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফীৰ প্রথমখন টেষ্ট৷ তাৰ পূর্বে টীম ইণ্ডিয়াৰ সহঃ প্রশিক্ষক অভিষেক নায়াৰে কয় যে দলটোৱে ৱাকা খেলপথাৰত ৩ দিনীয়া চেণ্টাৰ–উইকেট খেলৰ পৰা তেওঁলোকে বিচৰা সকলোখিনি পাইছে৷ নায়াৰে এক্সত বিচিচিআয়ে পোষ্ট কৰা এটা ভিডিঅ’ত কয় যে অষ্ট্রেলিয়ালৈ অহাৰ ঠিক পূর্বে মুখ্য প্রশিক্ষক গৌতম গম্ভীৰ আৰু অধিনায়ক ৰোহিত শর্মাই এই ৩ দিনত আমি কি বিচাৰোঁ, সেই বিষয়ে আলোচনা কৰিছিল৷ ইয়াৰ উদ্দেশ্য আছিল যে দলত থকা যুৱ আৰু অভিজ্ঞ খেলুৱৈসকলক যথেষ্ট সময় প্রদান কৰা৷ যাতে তেওঁলোকে পৰিস্থিতি বুজি তাত খাপ খাব পাৰে৷’ নায়াৰে এই ভিডিঅ’টোত তেওঁৰ এটা বিশেষ ৰণনীতি প্রকাশ কৰিছিল৷ ‘আমি চাৰি বছৰ পিছত অষ্ট্রেলিয়াত টেষ্ট ক্রিকেট খেলিবলৈ আহিছোঁ৷ সেয়েহে আৰম্ভণিতে আমি খেলুৱৈসকলৰ সৈতে এনে এখন খেল খেলিছিলোঁ, য’ত খেলুৱৈসকল এবাৰ আউট হোৱাৰ পিছত খেলৰ পৰা বাহিৰ হ’ব৷ আমি অনুভৱ কৰিছিলোঁ যে দ্বিতীয়বাৰৰ বাবে খেলুৱৈসকলে ভালদৰে খাপ খাইছিল৷ তেওঁলোকে পৰিস্থিতিবোৰ ভালদৰে বুজি পাইছিল আৰু আৰাম অনুভৱ কৰিছিল৷ আমি যি বিচাৰিছিলোঁ, সেয়াই পাইছিলোঁ৷’ নায়াৰে এয়াও বর্ণনা কৰিছিল যে কেনেকৈ ভাৰতীয় বলাৰসকলে খেলখনত বলিং কৰাৰ সুযোগ লাভ কৰিছিল৷