নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অষ্ট্রেলিয়ালৈ যাব মহম্মদ ছামিও ! পৰিকল্পনা সাজু বিচিচিআইৰ

🔹 ২২ নৱেম্বৰৰ পৰা ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলা

নিউজ ডেস্ক, ১৯ নৱেম্বৰ : ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’ব ব’ৰ্ডাৰ–গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলা৷ পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটোৰ বাবে ইতিমধ্যে ভাৰতীয় দল অষ্ট্রেলিয়াত উপস্থিত হৈছে আৰু অনুশীলন অব্যাহত ৰাখিছে৷ ভাৰতীয় দলটোত এইবাৰ পেচ বিভাগত অভিজ্ঞ যশপ্রীত বুমৰাহ, মহম্মদ ছিৰাজ আছে যদিও বাকী সকলো বলাৰ নৱাগত৷ এনে পৰিস্থিতিত বহুতৰে দৃষ্টি পৰিছে মহম্মদ ছামিৰ ওপৰত৷ আঘাতৰ পৰা মুক্ত হৈ খেলপথাৰলৈ প্রত্যাৱর্তন কৰিছে ছামিয়ে৷ বংগৰ হৈ ৰঞ্জি মেচত মধ্যপ্রদেশৰ বিৰুদ্ধে ৭টাকৈ উইকেট দখল কৰি উজলি উঠিছে ছামি৷ ভাৰতীয় দলত স্থান নাপালেও মহম্মদ ছামিক লৈ বিচিচিআই যথেষ্ট সচেতন হৈ আছে৷ ভাৰতীয় দলত স্থান নাপালেও ৰঞ্জি ট্ৰফীত বংগৰ হৈ এখন মেচ খেলা ছামিয়ে তেওঁৰ দক্ষতাৰ প্রমাণ দাঙি ধৰিছে৷ তাৰ পাছতে ছামিক ভাৰতীয় দলত অন্তর্ভুক্তিৰ দাবীও উত্থাপন হৈছে৷ পিছে ব’ৰ্ডৰ সূত্রত প্রকাশিত খবৰ মতে, ছামিক লৈ খৰখেদা কৰিব বিচৰা নাই ভাৰতীয় দলৰ নির্বাচকসকলে৷ অজিত আগাৰকাৰ নেতৃত্বাধীন নির্বাচক মণ্ডলীয়ে ছামিক আৰু কিছু সময় দিব বিচাৰিছে৷ অষ্ট্রেলিয়াৰ মাটিত পাঁচখনীয়া টেষ্ট মেচৰ শৃংখলাটো খেলিবলৈ তেওঁৰ শৰীৰ সম্পূর্ণ সাজু হৈ উঠিছে নে নাই, তাক লৈ এতিয়াও সন্দেহ দূৰ হোৱা নাই৷ সেয়ে অজিত আগাৰকাৰ আৰু তেওঁৰ সতীর্থ নির্বাচক মণ্ডলীয়ে বিচাৰিছে ছৈয়দ মুস্তাক আলী ট্ৰফী খেলক ছামিয়ে৷ অষ্ট্রেলিয়াৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া টেষ্ট শৃংখলা যথেষ্ট দীঘলীয়া৷ ২২ নৱেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া এই শৃংখলা ৭ জানুৱাৰীত অন্ত পৰিব৷ অর্থাৎ মহম্মদ ছামিয়ে যদি বংগৰ হৈ মুস্তাক আলী ট্ৰফী সফলতাৰে খেলে, তেন্তে তৃতীয় বা চতুর্থ টেষ্টৰ বাবে ছামিক অষ্ট্রেলিয়ালৈ প্রেৰণ কৰাৰ সম্ভাৱনা আছে৷ আঘাতৰ পৰা সম্পূর্ণ মুক্ত নোহোৱাকৈ, শৰীৰ সম্পূর্ণ সাজু নোহোৱাকৈ খেলপথাৰত নামিলে পুনৰ আঘাতৰ সন্মুখীন হোৱাৰ সম্ভাৱনা প্রবল বাবেই ছামিক লৈ খৰখেদা কৰিব বিচৰা নাই বিচিচিআয়ে৷

You might also like