সুকন্যা : মৰাণৰ লেখিকা চুতীয়াৰ কর্মমুখী যাত্রা
আইভিলতা চুতীয়া
অসমীয়াত এষাৰ কথা আছে– ‘মন কৰিলেই চন, বাকৰি মাটিতে ধন’৷ কিবা এটা কাম কৰাৰ মনত অদম্য হেঁপাহ, নিজৰ লগতে আন দহগৰাকীক সংস্থাপনৰ সুবিধা দি বহু পৰিয়ালৰ ভৰণ–পোষণৰ বাট দেখুৱাই দিয়া এগৰাকী কর্মোদ্যমী নাৰী৷ উচ্চশিক্ষাৰে শিক্ষিত এই নাৰীগৰাকীয়ে চাকৰি বিচাৰি হাবাথুৰি নাখাই সৰু নগৰ মৰাণতে প্রথমে নিজকে সংস্থাপিত কৰি উপার্জনৰ পথ হিচাপে বাছি ল’লে এখন ‘বিউটী পার্লাৰ’ খোলাৰ৷ কথামতেই কাম৷ একাগ্রতা আৰু কর্মনিষ্ঠাৰ জৰিয়তে প্রায় ১২ বছৰৰ পাছত বর্তমান ৯খন বিউটী পার্লাৰৰ স্বত্বাধিকাৰী হ’ল, য’ত প্রায় ২০গৰাকী মহিলাই কর্মত নিয়োজিত হৈ স্বাৱলম্বী নাৰী হিচাপে প্রতিষ্ঠিত হ’ব পাৰিছে৷ নিজকে সজাই–পৰাই ধুনীয়াকৈ থাকি ভাল পোৱা, আনকো ধুনীয়াকৈ থাকিবলৈ প্রায়োগিক আৰু ব্যৱহাৰিক জ্ঞান দিয়া, নিজে সংস্থাপিত হৈ আনকো সংস্থাপনৰ সুবিধা কৰি প্রত্যেককে মূলধন বিনিয়োগ কৰিবলৈ উৎসাহিত কৰা এই আদর্শবাদী নাৰীগৰাকীয়েই হ’ল মৰাণৰ ‘লেখিকা চুতীয়া’৷ মৰাণ নগৰত ইতিমধ্যে বহুতো বিউটী পার্লাৰ হৈছে যদিও সৌন্দর্য চর্চাৰ বাবে যিখিনি আধুনিক যন্ত্র–পাতি দৰকাৰ, সেইবিলাক লেখিকা চুতীয়াৰ বিউটী পার্লাৰত সহজে উপলব্ধ, যাৰ ফলত এই পার্লাৰখনলৈ বহু নাৰীয়ে সৌন্দর্য চর্চা কৰিবলৈ অহা দেখা যায়৷
আন এটা উল্লেখযোগ্য দিশ হৈছে যে বহু ছোৱালীয়ে এই পার্লাৰত প্রশিক্ষণ গ্রহণ কৰি বহু ঠাইত বিশেষকৈ তিনিচুকীয়া, শিৱসাগৰ, ডিব্রুগড়, বাংগালোৰ আদিত নিজে গৈ পার্লাৰ খুলি সেই প্রশিক্ষিত ছোৱালীয়ে নিজে সংস্থাপিত হোৱাৰ লগতে নতুন নতুন ঠাইত পার্লাৰ খুলি সৌন্দর্য প্রশিক্ষণৰ ক্ষেত্রখন প্রচাৰ আৰু প্রসাৰ কৰাৰ লগতে নাৰীসকলক সৌন্দর্য সচেতন কৰি তুলিছে যাৰ ফলত বহু নাৰী মানসিক সৌন্দর্যৰ গৰাকীও হৈছে৷ কাৰণ শৰীৰ ভালে থাকিলে মনো ভালে থাকে৷
অর্থনীতি বিজ্ঞানত এষাৰ কথা আছে–‘মূলধন হৈছে সঞ্চৰ প্রধান উৎস৷’ এইগৰাকী নাৰীয়ে মাত্র ১০০০ টকা প্রথমে বিনিয়োগ কৰি ১৩ বছৰৰ পিছত তেওঁৰ কর্মক্ষেত্রৰ পৰিসৰ বৃদ্ধি কৰি সম্প্রতি মাহে ৩ লাখ টকা উপার্জন কৰি সৌন্দর্যৰ ক্ষেত্রখনত এক ডাঙৰ খোজ পেলাবলৈ সক্ষম হৈছে৷ প্রথম অৱস্থাত বিশেষ লক্ষ্য আৰু উদ্দেশ্য নাছিল যদিও প্রিয় সখী, নন্দিনী এইবিলাক আলোচনী পঢ়ি পঢ়ি সৌন্দর্য চর্চাৰ দিশটোৰ প্রতি তেওঁ বেছি আকর্ষিত হৈছিল৷
‘সহজ–সৰল জীৱন যাপন কিন্তু উচ্চ চিন্তা’ লেখিকাৰ জীৱন পৰিক্রমাৰ প্রথম উল্লেখনীয় দিশ৷ দুখীয়া ছাত্র–ছাত্রীক সহায় কৰা, অসুখীয়া নাৰীক পার্যমানে টকা–পইচা আৰু ঔষধ–পাতি যোগান ধৰি এইগৰাকী নাৰীয়ে যথেষ্ট মানসিক সন্তুষ্টি লাভ কৰে৷ তদুপৰি নিজ পিতৃ–মাতৃক খুব সযতনেৰে ৰাখিবলৈ ভাল পোৱা লেখিকাই তেওঁলোকৰ বাবে খুব সুন্দৰ গৃহ নির্মাণ কৰি দিয়াৰ লগে লগে ঘৰৰ লগতে সংলগ্ণ কৰি এটা ‘নামঘৰো’ সজাই দিছে৷ তদুপৰি তেওঁৰ দুই ভাতৃৰ বাবেও স্বাৱলম্বিতাৰ প্রতি লক্ষ্য ৰাখি বহুখিনি কাম কৰিছে৷ এইবিলাক ভাল কামৰ কিন্তু কাহানিও প্রচাৰ বিচৰা নাই লেখিকাই৷ এদিন কথাৰ মাজতে ছল বুজি লেখিকাক সুধিছিলোঁ–‘তুমি ইমানবিলাক ভাল কামৰ উপৰি আৰু কি কৰিবলৈ তোমাৰ ইচ্ছা আছে?’ তেতিয়া লেখিকাই আমাক কৈছিল–‘বাইদেউ, আমাৰ সমাজত শাৰীৰিকভাৱে আৰু মানসিকভাৱে নির্যাতিতা বহু নাৰী আছে, যিসকলে সমাজৰ ভয়ত বা কোনো ব্যক্তিৰ ভয়ত কথাবিলাক মুখ খুলি ক’বলৈ ভয় আৰু লাজ কৰে৷ গতিকে এইবিলাক নির্যাতিতা, আশ্রয়হীন মহিলাৰ বাবে এখন ‘আশ্রয় গৃহ’ খোলাৰ পৰিকল্পনা আছে৷’ ইতিমধ্যে এই মহান কামৰ বাবে তেওঁ পৰিকল্পনা হাতত লৈছে৷ সঁচাকৈ কিমান মহৎ চিন্তাৰ অধিকাৰী হ’লে এনে মহান চিন্তা মনলৈ আহিব পাৰে এই কথাটো ভাবিবলগীয়া৷
জ্ঞানী লোকে কয়– ‘কোনো কামৰে সৰু–বৰ নাথাকে, মাত্র সফল হ’বলৈ লাগে ধৈর্য আৰু একাগ্রতা৷’ প্রথম অৱস্থাত মানুহৰ ঘৰে ঘৰে ‘অৰিফ্লেম’ৰ বস্তু বিক্রী কৰি সামান্য পৰিমাণে পোৱা টকা আৰু বেংকৰ পৰা ২ লাখ টকা ঋণ লৈ ‘বিউটী পার্লাৰ’ আৰম্ভ কৰা পার্লাৰৰ বর্তমান মাহেকীয়া উপার্জন ৩ লাখ টকা, যি টকাৰ বহু অংশ ব্যয় কৰিছে বহু পৰিয়ালৰ ভৰণ–পোষণ আৰু বিপদত পৰা আর্তজনৰ লগত৷ তদুপৰি আর্থিকভাৱে দুর্বল ছাত্রীক সৌন্দর্য চর্চাৰ প্রশিক্ষণ বিনামূলীয়াকৈ আগবঢ়াইছে লেখিকাই৷ লেখিকাৰ কর্মজীৱনৰ প্রতি অশেষ শুভকামনা৷
ফোনঃ ৯৯৫৭৬–৬৭২৯৮