নিষিদ্ধ হ’ব কিশোৰ–কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ
🔹 গৃহীত হ’ল এক ঐতিহাসিক বিধেয়ক
নিউজ ডেস্ক, ২৮ নৱেম্বৰ : ১৬ বছৰৰ অনূর্ধ্বৰ কিশোৰ–কিশোৰীৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰ নিষিদ্ধ হ’ব অষ্ট্রেলিয়াত৷ কালি দেশখনৰ সংসদৰ হাউছ অৱ ৰিপ্রেজেণ্টেটিভছত গৃহীত হৈছে এক ঐতিহাসিক বিধেয়ক৷ সংবাদ সংস্থাৰ প্রতিবেদনত প্রকাশ পাইছে এই তথ্য৷ অষ্ট্রেলিয়াৰ প্রধানমন্ত্রী এণ্টনী আলবানেজে পূর্বেই প্রকাশ কৰিছিল যে ছ’চিয়েল মিডিয়া ব্যৱহাৰৰ ক্ষেত্রত কঠোৰ আইন প্রণয়ন কৰা হ’ব৷ কালি ইয়াৰ প্রথম পদক্ষেপ হিচাপে বিধেয়ক গৃহীত কৰা হৈছে৷ বিধেয়খনৰ সপক্ষে ১০২গৰাকীয়ে ভোটদান কৰাৰ বিপৰীতে বিপক্ষে ভোট দিয়ে ১৩জনে৷