🔹 পুৱাই মুম্বাই আৰক্ষীৰ ট্রেফিক কন্ট্ৰ’ল ৰুমলৈ ফোনকল
নিউজ ডেস্ক, ২৯ নৱেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীক হত্যাৰ পৰিকল্পনা কৰা হৈছে! এনে ভাবুকি ভৰা ফোন আহিল মুম্বাই আৰক্ষীলৈ৷ ফোনকলটো ৩৪ বছৰ বয়সীয়া এগৰাকী মহিলাৰ পৰা অহা বুলি জানিব পাৰে আৰক্ষীয়ে৷ তাৎক্ষণিকভাৱে তদন্ত চলাই মহিলাগৰাকীক গ্রেপ্তাৰ কৰে আৰক্ষীয়ে৷ অৱশ্যে পৰৱর্তী সময়ত আৰক্ষী সূত্রই সদৰী কৰে যে মহিলাগৰাকী মানসিকভাৱে সুস্থ নহয়৷ তথাপি কিয় মহিলাগৰাকীয়ে এই ফোন কৰিলে, সেই বিষয়টোক পৰীক্ষা কৰি চাইছে আৰক্ষীয়ে৷ কালি পুৱাই মুম্বাই আৰক্ষীৰ ট্রেফিক কন্ট্ৰ’ল ৰুমলৈ এই ফোনকল আহে৷