অসমত মাদ্রাছা বন্ধ কৰাটো কিমান যুক্তিপূর্ণ ?
- ৰুবুল মাইবেলা
অসমত মাদ্রাছা শিক্ষা আৰু সংসৃকত শিক্ষা বন্ধ কৰা সন্দর্ভত অলপতে অসমৰ শিক্ষামন্ত্রীয়ে ঘোষণা কৰাৰ পিছতেই ৰাষ্ট্রীয়–আন্তঃৰাষ্ট্রী পর্যায়ত বিষয়টো ব্যাপকভাৱে আলোচিত হৈছে৷ এই সন্দর্ভত অলপতে বাংলাদেশৰ বিখ্যাত সাংবাদিক তথা ইৰাক আৰু আফগান যুদ্ধৰ সংবাদ সংগ্রহৰ বাবে বিশেষ খ্যাতি অর্জন কৰা সাংবাদিক আনিছ আলমগীৰে এই সন্দর্ভত প্রচাৰ মাধ্যমত ডল্লেখ কৰিছে– ‘ইণ্ডোনেছিয়া, পাকিস্তানৰ পিছত বিশ্বৰ তৃতীয় বৃহত্তৰ মুছলমান জনগোষ্ঠীয়ে এতিয়া ভাৰতত বসবাস কৰে৷ বিশ্বৰ অধিক সংখ্যালঘু এই দেশতে আছে৷ তাত হিন্দু মৌলবাদী দল বিজেপি ক্ষমতাত আছে৷ প্রায় ২০–২৫ কোটি ভাৰতীয় মুছলমান ডদ্বিগ্ণ হৈছে সত্য কিন্তু অসহায়বোধ কৰাৰ দৰে সংখ্যা নহয় এয়া৷ তাৰ প্রমাণো বিজেপি চৰকাৰে লাভ কৰিছে৷ ভাৰত বিভাজনৰ পিছত মুছলমানসকল নির্বাক আছিল, বিজেপিৰ কাৰণে তেওঁলোক এতিয়া নির্বাক নহয়৷ সমদল–সভাত তেওঁলোক সৰৱ হৈ পৰিছে৷ তেওঁলোকৰ কাষত থিয় দিছে অসাম্প্রদায়িক হিন্দু, শিখ আৰু আনধর্মৰ লোকসকল৷ যোৱা ডিচেম্বৰত দিল্লীৰ শ্বাহীনবাগত অব্যাহতভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন কৰি আহিছে৷ তাত সকলো ধর্মৰ সম্প্রীতিৰ চিত্র ফুটি ডঠিছে৷ সমগ্র ভাৰতৰ লোকে এন আৰ চিৰ বিৰুদ্ধে যুঁজ দিছে৷ বিজেপিয়ে বুজি ডঠা ডচিত মুছলমানসকলক নাগৰিকত্বহীন কৰিব বিচাৰিলে, মাদ্রাছা শিক্ষা ধ্বংস কৰিব বিচাৰিলে, জামিয়া আৰু আলিগড বিশ্ববিদ্যালয়ৰ দৰে প্রসিদ্ধ মুছলিম শিক্ষা প্রতিষ্ঠানৰ শিক্ষাথ্ৰ ওপৰত আক্রমণ চলালে ভাৰতৰ বিবেৱকবান সকলো নাগৰিকে ইয়াৰ বিৰুদ্ধে একগোট হৈ পৰিব৷ সেয়ে মাদ্রাছা বন্ধ কৰা প্রসংগৰ পৰা বিৰত থকাটো ডচিত৷ এতিয়া হিন্দু মৌলবাদীয়ে প্রশ্ণ কৰিব পাৰে এইবিলাক ভাৰতৰ আভ্যন্তৰীণ বিষয়৷ আমাৰ কিয় ইয়াত মূৰৰ কামোৰণি? মূৰ কামোৰণিৰ কাৰণটো ডল্লেখ কৰিছে ভাৰতীয় সাংবাদিক কৰণ থাপৰে৷ তেওঁ ‘হিন্দুস্তান টাইমৰ’ সাম্প্রতিক এক কলমত লিখিছে– ‘আপুনি যদি গো–মাংস বিক্রীৰ বাবে গণৰোষৰ ভয়ত পৰাৰ আশংকাত থকা এজন ভাৰতীয় মুছলমান হয়, হিন্দু নাৰীৰ প্রেমত পৰি ‘লাভ–জেহাদ’ৰ অভিযুক্ত হয় অথবা নাগৰিকত্ব বিলুপ্ত হোৱাৰ শংকাত আছে, তেনেহ’লে সহজে সীমান্ত অতিক্রম কৰি সিপাৰলৈ (বাংলাদেশলৈ) যাবগৈ পাৰে৷ আমি আতংকিত হোৱাৰ কাৰণটো ১২ লাখ ৰহিংগ্যাক লৈ, য’ত আমি শংকিত, ভাৰতৰ পৰা অহা বর্ধিত মুছলমানৰ আপ্যায়নৰ সামর্থ্য আমাৰ নাই৷’
অসমৰ শিক্ষামন্ত্রীয়ে মাদ্রাছাসমূহৰ শুক্রবাৰৰ সাপ্তাহিক ছুটীৰ ওপৰত বিধি–নিষেধ ঘোষণা কৰাৰ পিছতেই সম্প্রতি তেওঁ আগন্তুক ছমাহৰ ভিতৰত মাদ্রাছাসমূহক বন্ধ কৰাৰ লগতে ঐতিহ্যগত সংসৃকত টোলবিলাকক বন্ধ কৰি সুকললৈ ৰূপান্তৰ কৰা হ’ব বুলি ডল্লেখ কৰিছে৷ অসমত চৰকাৰী মাদ্রাছাৰ সংখ্যা ৪২৩খন আৰু টোলৰ সংখ্যা ৯৭খন৷ মাদ্রাছাবিলাকত হাজাৰ হাজাৰ শিক্ষাথ্য়ে শিক্ষা গ্রহণ কৰি আহিছে কিন্তু টোলবিলাকত শিক্ষাথ্ নাইকিয়া বুলি ক’লেও ভুল কৰা নহ’ব৷ কিয়নো বর্তমান সময়ত হিন্দু শিক্ষাথ্সকলৰ সংসৃকত শিক্ষা লাভ কৰাৰ কোনো আগ্রহ নাই৷ দেৱভাষা তেওঁলোকৰ বাবে অলাগতিয়াল৷ দেশৰ আগশাৰীৰ টিভি চেনেল এন ডি টিভিৰ এক সংবাদ প্রতিবেদন অনুসৰি ব্যক্তিগত খণ্ডৰ মাদ্রাছাবিলাকলৈকো শেনচকু পৰিছে শিক্ষামন্ত্রীজনৰ৷ অসমৰ এনআৰচিৰ ক্ষেত্রত অগ্রণী ভূমিকা গ্রহণ কৰা মন্ত্রী শর্মা ডাঙৰীয়াই যেতিয়া দেখিবলৈ পালে যে এন আৰ চিৰ পৰা বাদ পৰা নাগৰিকত্বহীন ১৯ লাখ মানুহৰ ভিতৰত মাত্র ৬ লাখহে মুছলমান, তেতিয়া সান্দহ খোৱা বালি তল যোৱাৰ ভয়ত পুনৰ নাগৰিকপঞ্জী কৰাৰ দাবী ডত্থাপন কৰিছে৷ প্রথমতে নাগৰিকপঞ্জী হৈছিল ডচ্চতম ন্যায়ালয়ৰ নির্দেশত৷ এতিয়া সেই মহামান্য ডচ্চতম ন্যায়ালয়ে কৈছে, ‘আন কোনো নাগৰিকপঞ্জী প্রয়োজন নাই৷’
ইংৰাজ চৰকাৰে কলকাতাত হিন্দু কলেজ (বর্তমান যাক প্রেছিডেন্সি কলেজ বুলি কোৱা হয়) প্রতিষ্ঠা কৰাৰ ৩৭বছৰৰ আগতে আলিয়া মাদ্রাছা প্রতিষ্ঠা কৰিছিল৷ (এতিয়া আলিয়া বিশ্ববিদ্যালয়)৷ এই আলিয়া মাদ্রাছাৰ প্রায় সেই সময়খিনিত অধ্যক্ষৰ দায়িত্ব গ্রহণ কৰিছিল ইংৰাজে৷ তেওঁলোকৰ শিক্ষাৰ প্রেক্ষাপট আছিল আধুনিক৷ অসমৰ মাদ্রাছাবিলাকক স্বাধীনতাৰ পিছত অধিক আধুনিক কৰা হয়, যিকাৰণ এই মাদ্রাছাবিলাকত হিন্দু শিক্ষাথ্য়ে শিক্ষাগ্রহণ কৰে৷ ডদাহৰণ হিচাপে অসমৰ হাইমাদ্রাছাসমূহক আঙুলিয়াব পাৰোঁ৷ অসমৰ শৈক্ষিক–সাংসৃকতিক ৰাজধানীখ্যাত যোৰহাটৰ মাদ্রাছা স্কুলৰ ৭০ শতাংশ শিক্ষাথ্ হিন্দু৷
বৈদিক শিক্ষা বা দেৱ ভাষাৰ শিক্ষা দিয়া টোলবিলাক বন্ধ কৰাৰ যুক্তি থাকিব পাৰে, কিয়নো টোলবিলাকৰ শিক্ষা ব্যৱস্থাই বর্তমান যুগৰ লগত ফেৰ মাৰিব পৰাকৈ ডন্নত হোৱা নাই৷ টোলবিলাকৰ শিক্ষাক সময়োপযোগী কৰাৰ কোনো ডদ্যোগ হিন্দু সংস্কাৰকসকলে গ্রহণ কৰা দেখা নাযায়৷ শ্রীচৈতন্যৰ দৰে সংস্কাৰক নথকা হ’লে পশ্চিমবংগ, বিহাৰ–ওড়িশাত হিন্দু ধর্ম নাইকিয়া হৈ পৰিলহেঁতেন? যুগনায়ক গুৰুজনাই অসমত হিন্দুধর্মৰ গুৰিব’ঠা ধৰিছিল৷ এইসকল প্রাতঃস্মৰণীয় ব্যক্তিৰ সংস্কাৰ আন্দোলনত কোনো ভেদাভেদ নাছিল, যি ডত্তম তেওঁ ব্রাহ্মণ, যি ডদাৰ তেওঁ বৈষৱ আছিল৷ সেয়ে গুৰুজনাৰ লগত চান্দখাইৰ দৰে মুছুলমান শিষ্যও আছিল৷ ভাৰতত ইছলামধর্ম বিস্তাৰৰ ফলত কোনো দিনে হিন্দুধর্মলৈ শংকা অহা নাই৷ কিয়নো ভাৰতত কোনো মুছলমান শাসকে তৰোৱাল লৈ ইছলাম গ্রহণ কৰিবলৈ কাকো বাধ্য কৰা নাই৷ স্বামী বিবেকানন্দই কৈছিল, ‘জমিদাৰ আৰু পুৰোহিতসকলৰ ভয়ত ভাৰতৰ বহু লোকে ইছলাম ধর্মক গ্রহণ কৰিছিল৷’
তেতিয়া অসমত বসবাস কৰা লোকৰ সংখ্যা অতি নগণ্য আছিল৷ ইংৰাজে বঙালীসকলক বিভিন্ন সুযোগ–সুবিধা প্রদান কৰি অসমত বসবাস কৰিবলৈ ডৎসাহ দিছিল৷ মৌলবী চৈয়দ চাদুল্লা আৰু গোপীনাথ বৰদলৈ অসমৰ যেতিয়া মুখ্যমন্ত্রী আছিল, তেতিয়াৰে পৰা অসমত বঙাল খেদা আন্দোলন আৰম্ভ কৰিছিল অসমীয়াই৷ কলাগুৰু বিষু ৰাভাই স্পষ্ট কণ্ঠৰে চিঞৰিছিল– ‘ৰাজ্যত আছে দুটা পাঠা, দেশৰ যদি মংগল বিচৰা দুয়োটাকে বলি দিয়া৷’ ভাৰতৰ একমাত্র ৰাজ্য অসম, য’ত হিন্দু–মুছলমান মাজত সংঘর্ষতকৈ বঙালী আৰু অসমীয়াৰ সংঘর্ষ অধিক হয়৷ সৌ সিদিনাৰ সুবোধ বিশ্বাস কাণ্ডক আকৌ মনত পেলাওক৷
চৰকাৰীভাৱে পৰিচালিত হোৱা ৯৭খন টোলত শিক্ষাথ্ নাই, ছাত্র–ছাত্রীতকৈ শিক্ষকৰ সংখ্যা অধিক৷ আনহাতে আমি যদি পর্যালোচনা কৰোঁ, তেন্তে দেখা পাম যে বিশ্বত বর্তমান সংসৃকত এক অটল ভাষা, বিশ্বৰ ক’তো কোনো কামত প্রয়োগ নহয় এই ভাষা৷ আৰবী ভাষা বিশ্বৰ বহুকেইখন সমৃদ্ধ দেশৰ ভাষা হোৱাৰ লগতে ২৫খন দেশৰ ৰাষ্ট্রীয় ভাষা৷ কোৱাবাহুল্য যে বিশ্বৰ ষষ্ঠ বৃহত্তম আৰু ৪২০ মিলিয়ন লোকে ব্যৱহাৰ কৰা ভাষা হৈছে আৰবী ভাষা৷ গতিকে দুয়োটা ভাষাক সংসৃকত আৰু আৰবীক একে শাৰীত তুলনা কৰাটো ডচিত নহ’ব৷ সমগ্র ভাৰতবর্ষত চৰকাৰী–বেচৰকাৰীভ্ হাজাৰ হাজাৰ মাদ্রাছা আছে৷ দেওবন্দ, শাহাৰাণপুৰ, নদোৱা আদি এই বিশ্বপ্রসিদ্ধ মাদ্রাছাবোৰত একমাত্র ভাৰতৰে নহয় বিশ্বৰ বহু বিদেশী ছাত্রই অধ্যয়ন কৰি আছে৷ দেশৰ ৰাজধানী নগৰৰ অন্তর্গত জামিয়া নগৰত শান্তি নিকেতনৰ কাষতে অৱস্থিত জামিয়া মিলিয়া ইছলামিক চৰকাৰী বিশ্ববিদ্যালয়খনৰ ডপাচার্য হিচাপে ভাৰতৰ তৃতীয় ৰাষ্ট্রপতি ড০ জাকি ৰ হুছেইনে ১৯২৬ৰ পৰা ১৯৪৮লৈকে দায়িত্বভাৰ পালন কৰিছিল৷ শত শত বছৰ ধৰি আৰবী ভাষাৰ ভাৰতত চর্চা হৈ আহিছে৷ ভাৰতীয় লোকসকল সীমান্ত অতিক্রম কৰি কেতিয়াও আন দেশলৈ যোৱাৰ ইতিহাস নাই৷ ভাৰতীয়সকলৰ বাবে ভাৰতেই বিশ্ব৷ গ্রীক পুৰাণত আছে ইডৰোপৰ পশ্চিম প্রান্তত এখন ফলক আছিল তাত লিখা আছিল ইয়াৰ পিছত বিশ্ব শেষ৷ ভাৰতীয়সকলে অৱশ্যে সেইধৰণৰ ফলক ক’ৰবাত লিখা আছে বুলি কেতিয়াও দেখা পোৱা নাই৷ দলে দলে ম্লেছ মানে অহিন্দু জাতিৰ ভাৰতলৈ আগমন ঘটিছে, কিন্তু কোনো জাতিয়ে স্থায়ীভাৱে বসবাস কৰা নাই৷ সেইসকলৰ ভিতৰত অৱশ্যে মুছলমানসকলেও দেশ ত্যাগ কৰি যোৱা নাই, স্থায়ীভাৱে বসবাস কৰি আহিছে৷ মুছলমানসকলে ভাৰতক বহু কিবা দিছে আৰু বহু কিবাকিবি গ্রহণ কৰিছে৷ ভাৰতৰ যদি বিভাজন নহ’লহেঁতেন, তেন্তে বাংলাদেশ, পাকিস্তান আৰু ভাৰত লগ লাগি মুছলমানৰ সংখ্যা বর্তমান হ’লহেঁতেন প্রায় ৭০ কোটি, সংখ্যাত ১০০ কোটি হিন্দুৰ সমান৷ ইণ্ডোনেছিয়া, পাকিস্তানৰ পিছত বিশ্বৰ তৃতীয় বৃহত্তৰ মুছলমান জনগোষ্ঠীয়ে এতিয়া ভাৰতত বসবাস কৰে৷ অসমত মুছলমানসকলে স্বাধীনতাৰ আগৰে পৰা অর্থাৎ আহোমসকলৰ অসমলৈ আগমন ঘটাৰ আগতেই অসমত বসতি স্থাপন কৰিছিল৷ অসমীয়া মুছলমান বীৰ ইছমাইল ছিদ্দিকী বা বাঘ হাজৰিকাৰ বাবেই আহোমে মোগলক অসমৰ পৰা পহু খেদা দিবলৈ সক্ষম হৈছিল৷ আজান পীৰে যি সমন্বয় বার্তা অসমত বিয়পাই দিছিল সেয়া আজি সমগ্র বিশ্বতে বিৰল৷ গেন্ধেলা গৰীয়াৰ দৰে খনিকৰ অপূর্ব কর্মৰ প্রতিফলন কাৰেংঘৰ, ৰংঘৰত আজিও জিলিকি আছে৷ দীলবৰৰ কথা সকলোৱে জানে৷ গতিকে এইসকলৰ প্রাণৰ ভাষাক বিজেপিয়ে কাঢ়ি নিয়াৰ বাবে কৰা চেষ্টা ইতিহাসৰ বুকুত অনাগত দিনত হৈ পৰিব এক কলংকিত অধ্যায়৷