৯০ দিনতে মঙলত পদার্পণ কৰিব মহাকাশযানে
🔹 ধনকুবেৰ এলন মাস্ক : ৯ মাহক ৯০ দিনলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা
নিউজ ডেস্ক, ১ ডিচেম্বৰ : দ্রুতগতিসম্পন্ন পৃথিৱীত সময় নষ্ট কৰা মানেই বৃহৎ ক্ষতি- এই কথা মানি চলে টেছলাৰ স্বত্বাধিকাৰী, বিশ্বৰ ১নং ধনাঢ্য ব্যক্তি এলন মাস্কে৷ অসম্ভৱক সম্ভৱ কৰি তোলাৰ দুর্বাৰ হেঁপাহ থকা ধনকুবেৰ এলন মাস্কে ব্যৱসায়ৰ লগতে মহাকাশ খণ্ডতো নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হৈছে৷ মাস্কৰ মহাকাশ কোম্পানী স্পেচ এক্সৰ জৰিয়তে ৰঙা গ্রহ মঙলত ৯০ দিনতে মহাকাশযান পদার্পণ কৰাৰ পৰিকল্পনা কৰা হৈছে৷ পৃথিৱীৰ চুবুৰীয়া গ্রহ মঙলক লৈ মহাকাশ বিজ্ঞানীৰ অনেক কৌতূহল আছে৷ এই গ্রহলৈ অভিযান আগতেও হৈছে, পৰৱর্তী সময়তো হ’ব৷ কিন্তু উচ্চ প্রযুক্তিসম্পন্ন মহাকাশযানেৰে মঙল গ্রহলৈ দূৰত্ব ৯০ দিনতে অতিক্রম কৰাৰ পৰিকল্পনা কৰিছে মাস্কে৷ সাধাৰণতে মঙল গ্রহলৈ যাবলৈ অতিকমেও ৯ মাহৰ প্রয়োজন৷ কিন্তু এই ৯ মাহক ৯০ দিনলৈ ৰূপান্তৰিত কৰাৰ পৰিকল্পনা কৰি উচ্চ প্রযুক্তিসম্পন্ন মহাকাশযান নির্মাণত গুৰুত্ব দিছে এলন মাস্কৰ কোম্পানী স্পেচ এক্সে৷