নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ৰ লোকপিয়লক লৈ মহানগৰীত ক্ষেত্র প্রশিক্ষকৰ চাৰিদিনীয়া প্রশিক্ষণ আৰম্ভ

নিয়মীয়া বাৰ্তা ১২ মাৰ্চঃ অহা ২০ এপ্রিলৰ পৰা আৰম্ভ হ’বলগীয়া ২০২১ চনৰ লোকপিয়ল সন্দর্ভত কামৰূপ মহানগৰ জিলাতো ইতিমধ্যে যাৱতীয় প্রস্তুতি আৰম্ভ হৈছে৷ আজি কামৰূপ মহানগৰ জিলাৰ জিলা পৰিষদৰ কার্যালয়ৰ সভাকক্ষত লোকপিয়লৰ কাম–কাজৰ বাবে নিয়োজিত হ’বলগীয়া পর্যবেক্ষক আৰু গণনাকাৰীসকলক প্রয়োজনীয় প্রশিক্ষণ দিয়াৰ বাবে নিয়োজিত ক্ষেত্র প্রশিক্ষকসকলৰ এক চাৰিদিনীয়া প্রশিক্ষণ কার্যসূচী আৰম্ভ হয়৷ অহা ১৪ মার্চলৈ চলিবলগীয়া এই প্রশিক্ষণ কার্যসূচীত ৪৩গৰাকী ক্ষেত্র প্রশিক্ষকে অংশগ্রহণ কৰে৷ অসম অভিযান্ত্রিক মহাবিদ্যালয়ৰ সহযোগী অধ্যাপকদ্বয় ড০ অনিল বৰা আৰু ড০ উৎপল কুমাৰ মিশ্রই প্রশিক্ষণত অংশ লোৱা ক্ষেত্র প্রশিক্ষকসকলক অহা ২০ এপ্রিলৰ পৰা ২০ মে’লৈ চলিবলগীয়া লোকপিয়লৰ প্রথম পর্যায়ৰ গৃহ তালিকা আৰু গৃহ পিয়লৰ বিভিন্ন নীতি–নিয়ম আৰু প্রক্রিয়াৰ বিষয়ে প্রশিক্ষণ দিয়ে৷ এই প্রশিক্ষণ কার্যসূচীত লোকপিয়ল সঞ্চালকালয়ৰ বিষয়া অম্বালিকা খাউণ্ড আৰু নঞ্জু ইংলেং উপস্থিত থাকি প্রশিক্ষণত অংশ লোৱা ক্ষেত্র প্রশিক্ষকসকলক লোকপিয়ল সন্দর্ভত বিভিন্ন জানিবলগীয়া কথা অৱগত কৰায়৷ উল্লেখ্য যে যোৱা ২৮ আৰু ২৯ ফেব্রুৱাৰীতো কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত লোকপিয়লৰ বাবে নিয়োজিত চার্জ এছিষ্টেণ্ট আৰু টেকনিকেল এছিষ্টেণ্টসকলৰ এক দুদিনীয়া প্রশিক্ষণ কার্যসূচী অনুষ্ঠিত হৈছিল৷

You might also like