নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিজিটেল গ্রেপ্তাৰী : উত্তৰ প্রদেশৰ মডেলে হেৰুৱালে ৯৯ হাজাৰ

নিউজ ডেস্ক, ৬ ডিচেম্বৰ : শিশু আৰু ড্রাগছ সৰবৰাহৰ অভিযোগ উঠিছে! চিবিআই বিষয়াৰ পৰিচয় দি এগৰাকী মডেলক ফোন কৰিছিল চাইবাৰ অপৰাধীয়ে৷ ফোন পোৱাৰ পিছতে স্তম্ভিত হৈ পৰিছে শিৱাংকিতা দীক্ষিত নামৰ উত্তৰ প্রদেশৰ এই মডেলগৰাকী৷ অভিযোগ অনুসৰি শিৱাংকিতাক ভাবুকি দিয়া হয়৷ ইতিমধ্যে তেওঁৰ বিৰুদ্ধে ডিজিটেল গ্রেপ্তাৰী পৰোৱানা জাৰি হোৱা বুলিও জনাই দিয়া হয়৷ গ্রেপ্তাৰীৰ পৰা পৰিত্রাণ পাবলৈ হ’লে বৃহৎ অংকৰ ধন আদায় দিব লাগিব বুলিও জনাই দিয়া হয়৷ দুঘণ্টাৰ ভিতৰতে এই মডেলগৰাকীৰ পৰা ৯৯ হাজাৰ টকা আদায় কৰি লয় চাইবাৰ অপৰাধীয়ে৷ অৱশ্যে ধন আদায় দিয়াৰ পিছতহে আৰক্ষীৰে যোগাযোগ কৰে মডেলগৰাকীয়ে৷

You might also like