প্রথম অসমীয়াৰূপে আইচিচি ব’ৰ্ড সঞ্চালক দেৱজিৎ শইকীয়া
🔹 অসম ক্রিকেট সন্থা, অসম অলিম্পিক সন্থাৰ অভিনন্দন
নিউজ ডেস্ক, ৮ ডিচেম্বৰ : অসমৰ ক্রীড়াক্ষেত্রৰ বাবে আন এক সুখবৰ৷ অসমৰ বিশিষ্ট ক্রীড়া সংগঠক তথা প্রাক্তন ৰঞ্জি ক্রিকেটাৰ দেৱজিৎ শইকীয়াই প্রথমগৰাকী অসমীয়া হিচাপে আইচিচিৰ ব’ৰ্ড সঞ্চালক (ভাৰতৰ প্রতিনিধি) হিচাপে নতুন দায়িত্ব লাভ কৰিছে৷ উল্লেখ্য যে পূর্বে এই দায়িত্বত আছিল ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ডৰ সচিব জয় শ্বাহ৷ কিন্তু জয় শ্বাহ সম্প্রতি বিশ্ব ক্রিকেটৰ সর্বোচ্চ সংস্থা আইচিচিৰ অধ্যক্ষ হিচাপে নিযুক্তি লাভ কৰাত বিচিচিআইৰ ফালৰ পৰা ভাৰতক আন্তর্জাতিক ক্রিকেট পৰিষদত ব’ৰ্ড অধ্যক্ষৰূপে দেৱজিৎ শইকীয়াই প্রতিনিধিত্ব কৰিব৷ অসম ক্রিকেট সন্থাৰ প্রাক্তন সম্পাদক তথা গুৱাহাটী ক্রীড়া সন্থা আৰু ঐতিহ্যমণ্ডিত গুৱাহাটী টাউন ক্লাবৰ সম্পাদক পদত থকা দেৱজিৎ শইকীয়া বিচিচিআইৰ যুটীয়া সম্পাদকৰ দায়িত্বতো আছে৷ বিচিচিআইক প্রতিনিধিত্ব কৰি আইচিচিৰ ব’ৰ্ড সঞ্চালক হিচাপে নিযুক্তি পোৱাত অসম ক্রিকেট সন্থাই দেৱজিৎ শইকীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে৷ এক বিবৃতিত এচিএই শহকীয়াৰ এই কৃতিত্বক ক্রিকেটৰ প্রতি তেওঁৰ অনবদ্য অৱদান আৰু বিশ্বজুৰি এই ক্রীড়াৰ প্রসাৰৰ ক্ষেত্রত তেওঁৰ অক্লান্ত প্রচেষ্টাৰ নিদর্শন বুলি অভিহিত কৰে৷ এচিএৰ সভাপতি তৰংগ গগৈয়ে শইকীয়াৰ এই সাফল্যত গৌৰৱ প্রকাশ কৰি কয়– ‘প্রাপ্য স্বীকৃতিৰ বাবে মই দেৱজিৎ শইকীয়াক অভিনন্দন জনাইছোঁ৷ তেওঁৰ পাৰদর্শিতা আৰু দূৰদর্শিতাই নিঃসন্দেহে ক্রিকেটক কেৱল ভাৰততে নহয়, সমগ্র বিশ্বতে নতুন উচ্চতালৈ আগুৱাই নিব৷ অসম তথা সমগ্র ক্রিকেট সমাজৰ বাবেই ই এক গৌৰৱৰ মুহূর্ত৷ আমি নিশ্চিত যে তেওঁৰ নেতৃত্বই উদ্ভাৱনীমূলক পৰিৱর্তন আনিব আৰু আন্তর্জাতিক ক্রিকেটত ভাৰতৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিব৷’ এচিএৰ সম্পাদক ত্রিদিব কোঁৱৰেও শইকীয়াক প্রশংসা কৰি কয়– ‘আমাৰ মাজৰে এজনে বিশ্ব মঞ্চত উল্লেখযোগ্য স্থান লাভ কৰাটো গৌৰৱৰ কথা৷ খেলৰ বিষয়ে তেওঁৰ বিস্তৃত জ্ঞান আৰু প্রশাসনিক বুদ্ধিমত্তাই তেওঁক এই ভূমিকালৈ যথাযোগ্যভাৱেই আগুৱাই আনিছে৷ আমি নিশ্চিত যে তেওঁৰ অৱদান বহু দূৰলৈকে অনুৰণিত হ’ব, যিয়ে অনাগত দিনত ক্রিকেটক অধিক সমৃদ্ধ কৰাৰ পথ মুকলি কৰিব৷’ অসমলৈ কঢ়িয়াই অনা অপৰিসীম সন্মানক স্বীকৃতি দি শইকীয়াৰ এই কৃতিত্বত এচিএৰ এপেক্স কাউঞ্চিলৰ সকলো সদস্য উৎফুল্লিত হৈছে৷ নতুন ভূমিকাত তেওঁ বহু সফলতা লাভ কৰিব বুলি কামনা কৰাৰ লগতে আন্তঃৰাষ্ট্রীয় ক্রিকেট ভাতৃত্ববোধতো তেওঁৰ স্থায়ী প্রভাৱ পেলোৱাৰ ক্ষমতাৰ ওপৰত আস্থা প্রকাশ কৰে সদস্যসকলে৷ শইকীয়াৰ এই নিযুক্তি ভাৰতীয় ক্রিকেটৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে পৰিগণিত হোৱাৰ লগতে ক্রীড়াৰ প্রশাসনিক ক্ষেত্রত অসমৰ ক্রমবর্ধমান প্রভাৱকো প্রোজ্জ্বল কৰি তুলিছে৷ অসম ক্রিকেট সন্থাৰ মুখ্য কার্যবাহী বিষয়া প্রীতম মহন্তই জাৰি কৰা এক বিজ্ঞপ্তিত এই কথা প্রকাশ৷ ইফালে, অসম অলিম্পিক সন্থায়ো দেৱজিৎ শইকীয়াক শুভেচ্ছা জনাইছে৷ এক বিবৃতিত অসম অলিম্পিক সন্থাৰ সম্পাদক লক্ষ্য কোঁৱৰে কয় যে দেৱজিৎ শইকীয়াৰ নেতৃত্বত ইতিমধ্যে অসম তথা উত্তৰ–পূবৰ লগতে দেশৰ ক্রিকেট ক্ষেত্রসহ অন্য খেলতো আধুনিক আন্তঃগাঁথনি আৰু খেলুৱৈৰ গৌৰৱময় সফলতাৰ অনিৰুদ্ধ যাত্রা আৰম্ভ হৈছে৷ নতুন দায়িত্ব লাভে এই অবিৰত সাফল্য যাত্রাক অধিক গতিশীল কৰি ক্রীড়াক্ষেত্র তথা ক্রীড়াবিদৰ উত্তৰণ নিশ্চিত কৰিব৷