🔹 আদালতত ভিডিঅ’ কনফাৰেঞ্চযোগে ক’লে লৰেন্স বিষ্ণয়ে
নিউজ ডেস্ক, ৮ ডিচেম্বৰ : সবৰমতী কাৰাগাৰত বন্দী হৈ থকা কুখ্যাত গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ স্বীকাৰোক্তি কালি আদালতে ভিডিঅ’ কনফাৰেঞ্চযোগে গ্ৰহণ কৰে৷ মুখ্য মহানগৰ ন্যায়াধীশৰ আদালতত ভিডিঅ’ কনফাৰেঞ্চযোগে ধন দাবী গোচৰত স্বীকাৰোক্তিত গেংষ্টাৰ লৰেন্স বিষ্ণয়ে কয় যে কাৰাগাৰত বন্দী হৈ থকা সময়ত কিদৰে তেওঁ কাৰোবাক ভাবুকি দিব পাৰে৷ উল্লেখ্য যে ২০১৭ চনৰ ৪ মার্চত মনীষ জৈন নামৰ এজন ব্যৱসায়ীৰ কার্যালয়লৈ দুজন যুৱক আহি ধন দাবী কৰিছিল৷ ধন নিদিয়াৰ বাবে গুলীয়াইছিল৷ কিন্তু বন্দুকটোৰ গুলী ফুটা নাছিল৷ ব্যৱসায়ীজনে এই সন্দর্ভত আৰক্ষীক গোচৰ ৰুজু কৰিছিল আৰু যুৱক দুজন লৰেন্স বিষ্ণয় গোটৰ বুলি অভিযোগ দিছিল৷ এই ধন দাবী গোচৰত কালি ভিডিঅ’ কনফাৰেঞ্চযোগে স্বীকাৰোক্তি দি কাৰাবন্দী লৰেন্স বিষ্ণয়ে আৰক্ষীৰ দ্বাৰা তেওঁক এই গোচৰত সাঙুৰি লোৱা হৈছে বুলি অভিযোগ কৰে৷ বিগত ১১ বছৰ ধৰি কাৰাগাৰত থকাৰ পিছত তেওঁ কিদৰে কাৰোবাক ফোনযোগে মৃত্যুৰ ভাবুকি দি ধন দাবী কৰিব পাৰে, তাক লৈও প্রশ্ণ উত্থাপন কৰে৷ আৰক্ষীয়ে তেওঁৰ ওপৰত ভুৱা গোচৰ জাপি দি হেঁচা প্রয়োগ কৰা বুলিও স্বীকাৰোক্তি দিয়ে লৰেন্স বিষ্ণয়ে৷ আৰক্ষীয়ে তেওঁক ভয়–ভাবুকি দি চাপ সৃষ্টি কৰা বুলিও আদালতত মন্তব্য কৰে৷ মন কৰিবলগীয়া যে বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানক মৃত্যুৰ ভাবুকি দি দেশৰ নতুন আতংক হিচাপে পৰিচিত হৈ পৰা গেংষ্টাৰ লৰেন্স বিষ্ণয়ৰ ভাতৃ আনমোল বিষ্ণয় মহাৰাষ্ট্রৰ প্রভাৱশালী ৰাজনীতিক বাবা ছিদ্দিকিৰ হত্যাৰ গোচৰত অভিযুক্ত হৈ আছে৷ ছলমান খানৰ বাসগৃহৰ সমীপত গুলীচালনাৰ ঘটনাতো বিষ্ণয় গোটৰ সদস্য জড়িত আছে বুলি আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে৷