নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শতায়ুত বিয়া ! গীনিজ অভিলেখ দম্পতীৰ

🔹 আমেৰিকাত বার্নি–মেজৰিক লৈ ব্যাপক চর্চা

নিউজ ডেস্ক, ১০ ডিচেম্বৰ : ১০০ বছৰীয়া ‘তৰুণ’–এ বিয়া কৰালে ১০২ বছৰ বয়সীয়া ‘তৰুণী’ক৷ দুয়োৰে বয়সৰ সমষ্টি ২০২ বছৰ ২৭১ দিন৷ শতায়ু গৰকা ব্যক্তি হিচাপে বিবাহপাশত আবদ্ধ হৈ গীনিজ ৱর্ল্ড ৰেকর্ডত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হৈছে আমেৰিকাৰ ফিলাডেলফিয়াৰ বাসিন্দা বার্নি লিটমেনে৷ লিটমেনে আঙঠি পিন্ধাই দিছে ৯ বছৰ পূর্বে বৃদ্ধাৱাসত আলোচনাৰ পৰা প্রেমিকা হৈ উঠা মেজৰি ফিটাৰমেনক৷ জানিবলৈ পোৱা গৈছে আনুষ্ঠানিকভাৱে চলিত বর্ষৰ আৰম্ভণিতে দুয়ো বিবাহপাশত আবদ্ধ হৈছে৷ শতাব্দী অতিক্রম কৰা দুয়ো এতিয়া সংসাৰৰ ব্যস্ত দম্পতী৷ প্রায় ৬ দশক পূর্বে দুজনে বিয়া কৰাইছিল তেওঁলোকৰ প্রথম স্বামী আৰু পত্নীক৷ যোৱা ৩ ডিচেম্বৰত তেওঁলোকক বিশ্বৰ সর্বজ্যেষ্ঠ দম্পতী হিচাপে স্বীকৃতি দিছে গীনিজ ৱর্ল্ড ৰেকর্ডে৷ ইয়াৰ পিছতে বিষয়টো চর্চালৈ আহে৷ বৈধব্যৰ পিছত নিজৰ সন্তান, নাতি–নাতিনী, বৃহৎ পৰিয়াল ত্যাগ কৰি বৃদ্ধাৱাসত থাকিবলৈ লয় মেজৰিয়ে৷ ইয়াত আহি বাস কৰিবলৈ লয় পেছাত অভিযন্তা বার্নিয়ে৷ বৃদ্ধাৱাসত শিক্ষয়িত্রী মেজৰিৰ সৈতে বার্নিৰ প্রণয়ৰ সম্পর্ক গঢ়ি উঠে৷ লক্ষণীয়ভাৱে বার্নি আৰু মেজৰিয়ে প্রায় একে সময়তেই ফিলাডেলফিয়া বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল৷ কিন্তু সেই সময়ত তেওঁলোকৰ মাজত কোনোধৰণৰ সম্পর্ক নাছিল৷ বৃদ্ধাৱাসত দুয়োৰে বিয়াৰ পিছতে বার্নি আৰু মেজৰিৰ পৰিয়ালৰ সদস্যসকলে আগবাঢ়ি আহি নৱদম্পতীক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছে৷ আমেৰিকাৰ সংবাদ মাধ্যমত বিষয়টোৱে বিশেষ চর্চা লাভ কৰা পৰিলক্ষিত হৈছে৷

You might also like