নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মল্লযুঁজৰ পিছত ভাৰোত্তোলনত যৌন নির্যাতন!

নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ ডিচেম্বৰঃ মল্লযুঁজৰ পিছত এইবাৰ ভাৰোত্তোলনত অভিযোগ উত্থাপন হ’ল যৌন নির্যাতনৰ৷ এগৰাকী ভাৰতীয় ক্রীড়া বিষয়াৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ আনিলে এগৰাকী মহিলাই৷ মহিলা ভাৰোত্তোলক এগৰাকীয়ে ৰাজ্যিক সংস্থাটোৰ এজন প্রাক্তন মুৰব্বীয়ে তেওঁক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে এটা গোচৰো ৰুজু কৰিছে৷ এগৰাকী মহিলা ভাৰোত্তোলকে বিহাৰ ভাৰোত্তোলন সন্থাৰ এজন প্রাক্তন মুৰব্বীৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ উত্থাপন কৰিছে৷ তেওঁৰ অভিযোগ অনুসৰি, শনিবাৰে দিনৰ ১ বজাত পাটনাৰ পাটলীপুত্র ক্রীড়া কমপ্লেক্সত অনুশীলন কৰি আছিল৷ সেই সময়ত বিহাৰ ভাৰোত্তলন সন্থাৰ এগৰাকী প্রাক্তন মুৰব্বী অনুশীলনস্থলীলৈ আহিছিল৷ কামৰ অজুহাত দেখুৱাই মহিলাগৰাকীক এটা কোঠালৈ মাতিলে৷ তাত ভাৰোত্তোলকগৰাকীক যৌন নির্যাতন চলাবলৈ চেষ্টা কৰিছিল যদিও মহিলাগৰাকী কোনোমতে তাৰ পৰা ওলাই আহিবলৈ সক্ষম হয়৷ মহিলা ভাৰোত্তোলকগৰাকীয়ে বিষয়াগৰাকীৰ বিৰুদ্ধে কংকৰবাগ থানাত লিখিত এজাহাৰ দাখিল কৰে৷ ষ্টেচন হাউছৰ বিষয়া নীৰজ কুমাৰ ঠাকুৰে সংবাদ প্রতিষ্ঠানক জনোৱা মতে, আমি ভুক্তভোগীৰ বক্তব্য ৰেকর্ড কৰিছো৷ সেই ভিত্তিত গোচৰ ৰুজু কৰা হৈছে৷ ঘটনাৰ তদন্ত অব্যাহত আছে৷ অৱশ্যে এই পর্যন্ত আৰক্ষীয়ে অভিযুক্তক আটক বা গ্রেপ্তাৰ কৰা নাই৷ যৌন নির্যাতনৰ অভিযোগৰ বাবে ভাৰতীয় মল্লযুঁজ অস্থিৰ হৈ পৰিছিল৷ কেইবাগৰাকীও মহিলা মল্লযুঁজাৰুৱে ব্রীজভূষণ চৰণ সিঙৰ বিৰুদ্ধে ৰাষ্ট্রীয় সংস্থাটোৰ প্রাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে যৌন নির্যাতনৰ অভিযোগ উত্থাপন কৰিছিল৷ ভিনেশ ফ’গাট, বজৰং পুনিয়া, সাক্ষী মালিকৰ দৰে মল্লযুঁজাৰুৱে ব্রীজভূষণক গ্রেপ্তাৰ কৰাৰ দাবীত যন্তৰ–মন্তৰত ধর্ণা কার্যসূচী ৰূপায়ণ কৰিছিল৷ দিল্লী আৰক্ষীয়ে দীর্ঘদিন ধৰি ধর্ণাৰ অন্তত ব্রীজভূষণৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল আৰু ব্রীজভূষণ মুৰব্বী পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য হৈছিল৷ তাৰ পিছতো মল্লযুঁজাৰুসকলৰ অভিযোগ কমা নাছিল৷ কাৰণ, মল্লযুঁজ সন্থাটোৰ নতুন সভাপতি সঞ্জয় সিং ব্রীজভূষণৰ ঘনিষ্ঠ৷ ফলত, ভিনেশে অভিযোগ কৰে যে ভাৰতীয় মল্লযুঁজ সন্থাটোক পিছফালৰ পৰাই ব্রীজভূষণে চলাই আছে৷ এই ঘটনাত মল্লযুঁজাৰুসকলে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হস্তক্ষেপ দাবী জনাইছিল৷ ব্রীজভূষণৰ গোচৰ এতিয়াও বিচাৰাধীন হৈ আছে৷ অৱশ্যে ব্রীজভূষণে তেওঁৰ বিৰুদ্ধে উত্থাপিত সকলো অভিযোগ অস্বীকাৰ কৰে৷

You might also like