নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ মানৱ অধিকাৰ আয়োগৰ শীর্ষ পদত ভাৰতীয় মূলৰ হৰমীট ধিলন

নিয়মীয়া বাৰ্তা ডিজিটেল, ১১ ডিচেম্বৰঃ ভাৰতীয় বংশোদ্ভৱ আমেৰিকানৰ ওপৰত আস্থা ৰাখিছে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ আগন্তুক ট্রাম্প প্রশাসনৰ বিভিন্ন গুৰুত্বপূর্ণ পদবীত থাকিব কেইবাগৰাকীও ভাৰতীয় মূলৰ মার্কিন নাগৰিক৷ এইবাৰ দেশখনৰ মানৱ অধিকাৰ আয়োগৰ শীর্ষ পদত ড’নাল্ড ট্রাম্পে নিযুক্তি দিলে এগৰাকী ভাৰতীয় মহিলাক৷ হৰমীট ধিলন নামৰ মহিলাগৰাকীক মার্কিন মানৱ অধিকাৰ আয়োগৰ শীর্ষ পদত নিযুক্তি দিছে ট্রাম্পে৷ দীর্ঘদিন ধৰি ট্রাম্পৰ কট্টৰ সমর্থক হিচাপে চিহ্ণিত হৈ আহিছে হৰমীট৷ বিভিন্ন সময়ত ড’নাল্ড ট্রাম্পক প্রশংসা কৰি আহিছে শিখ সম্প্রদায়ৰ এই ভাৰতীয় বংশোদ্ভৱ মহিলাগৰাকীয়ে৷ আমেৰিকাৰ বিচাৰ বিভাগৰ অন্তর্গত চিভিল ৰাইটছ বিভাগৰ মুৰব্বী তথা এছিছটেণ্ট এটর্নী জেনেৰেল ফৰ চিভিল ৰাইটছ পদ লাভ কৰিব ধিলনে৷ কালি হৰমীট ধিলনৰ নাম ঘোষণা কৰাৰ সময়ত ট্রাম্পে কয়– মানৱ অধিকাৰ ৰক্ষাৰ বাবে দীর্ঘদিন ধৰি সৰৱ হৈ আহিছে হৰমীট৷ বাক্ স্বাধীনতা, উপাসনাৰ অধিকাৰ ৰক্ষা কৰাৰ লগতে কর্মীসকলৰ মাজত বিভেদ সৃষ্টি কৰা সংস্থাসমূহৰ বিৰুদ্ধে কঠোৰ অৱস্থান গ্রহণ কৰি আহিছে হৰমীট ধিলনে৷ পেছাত অধিবক্তা হৰমীট ২০২০ চনত ট্রাম্পৰ নির্বাচনী প্রচাৰত আইনী পৰামর্শদাতা হিচাপে দায়িত্ব পালন কৰিছিল৷ সেইবাৰৰ মার্কিন নির্বাচনী ফলাফলক প্রত্যাহ্বান জনাই গোচৰ তৰিছিল ট্রাম্পে৷ সেই সময়তো ট্রাম্পৰ পক্ষত যুক্তি দর্শাইছিল হৰমীটে৷ অৱশ্যে নতুন ৰাষ্ট্রপতি ট্রাম্পৰ ঘনিষ্ঠ হোৱাৰ বাবে ৰিপাব্লিকান একাংশ নেতাৰ ৰোষৰ সন্মুখীনো হৈছে হৰমীট৷ আনকি ৰিপাব্লিকান দলৰ লগতে একাংশ আমেৰিকানে হৰমীটক মানৱ অধিকাৰ আয়োগৰ শীর্ষ পদত নিযুক্তি দিয়া বিষয়টোত আপত্তি দর্শাইছে৷ কিন্তু ট্রাম্প নিজৰ সিদ্ধান্তত অটল৷ সকলোৰে যুক্তি খাৰিজ কৰি ভাৰতীয় মূলৰ শিখ মহিলা হৰমীটক ট্রাম্পে দিছে গুৰুত্বপূর্ণ দায়িত্ব৷

You might also like