নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৯ বছৰ অনূৰ্ধ এছিয়া কাপ টি-২০ত নিৰ্লজ্জ পৰাজয় পাকিস্তানৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ১৭ ডিচেম্বৰঃ ১৫ ডিচেম্বৰৰ পৰা আৰম্ভ হৈছে মহিলাৰ ১৯ বছৰ অনুৰ্ধ এছিয়া কাপ টি-২০ প্ৰতিযোগিতা। ইফালে সোমবাৰে গ্ৰুপ বি খেলখনত পাকিস্তান আৰু নেপালৰ মুখামুখি হয় য’ত নেপালে ৬ উইকেটত জয়লাভ কৰি ক্ৰিকেট জগতখনক আচৰিত কৰি তোলে। এতিয়া নেপালে ১৯ বছৰ অনুৰ্ধ এছিয়া কাপৰ ছুপাৰ-৪ত স্থান লাভ কৰাৰ বিপৰীতে পাকিস্তান দলটোৱে গ্ৰুপ পৰ্যায়ত দুয়োখন মেচত পৰাস্ত হোৱাৰ পিছত প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হৈছে। প্ৰথমে বেটিং কৰি পাকিস্তান মহিলা দলে নিৰ্ধাৰিত ২০ অভাৰত ১০৪ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত নেপাল দলে খেলখন ৬ উইকেটত জয়লাভ কৰে এটা অভাৰ বাকী থকা অৱস্থাত। নেপালৰ অধিনায়ক পূজা মাহাটোক খেলৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত কৰা হয়। প্ৰথমে ৪ অভাৰৰ বলিং স্পেলত ২৭ ৰানত ২ উইকেট দখল কৰে। যেতিয়া বেটিঙৰ সময় আহিছিল, তেতিয়া পূজাই ৪৭ ৰানৰ অপৰাজিত ইনিংছ খেলি নিজৰ দলৰ স্মৰণীয় জয়ত এক বৃহৎ অৱদান আগবঢ়াইছিল। এটা পর্যায়ত পাকিস্তানৰ বাবে ১০০ ৰানো অর্জন কৰাটো কঠিন যেন লাগিছিল যদিও কোমল খানে ৩৮ ৰান আৰু মহাম আনীছে ২৯ ৰান কৰি তেওঁলোকৰ দলটোক সন্মানজনক স্ক’ৰত উপনীত হোৱাত সহায় কৰে৷ ১৯ বছৰ অনুৰ্ধৰ মহিলা এছিয়া কাপত ভাৰত, পাকিস্তান আৰু নেপালক গ্ৰুপ বিত স্থান লাভ কৰে। ইতিমধ্যে গ্ৰুপ মেচখনত পাকিস্তানক ৯ উইকেটত পৰাস্ত কৰিছিল টীম ইণ্ডিয়াই। যদি পাকিস্তানী দলটোৱে ছুপাৰ-৪ত প্ৰৱেশ কৰিবলগীয়া হয় তেন্তে যিকোনো মূল্যৰ বিনিময়ত নেপালৰ বিৰুদ্ধে জয়ী হ’ব লাগিছিল। কিন্তু এতিয়া নেপালে এটা স্মৰণীয় জয় পঞ্জীয়ন কৰি ছুপাৰ-৪ পৰ্যায়ত স্থান লাভ কৰিছে। গ্ৰুপ এলৈ চালে দেখা যায় শ্ৰীলংকা, বাংলাদেশ আৰু টুৰ্ণামেণ্ট আয়োজক মালয়েছিয়াক ইয়াত স্থান দিয়া হৈছিল। এই গ্ৰুপত শ্ৰীলংকাই দুখন মেচত এটা জয় পঞ্জীয়ন কৰি বৰ্তমান তালিকাৰ শীৰ্ষত আছে। এই গ্ৰুপত এতিয়াও বাংলাদেশ আৰু মালয়েছিয়াৰ মাজৰ খেলখন বাকী আছে। নেট ৰানৰ হাৰলৈ চালে কেৱল শ্ৰীলংকা আৰু বাংলাদেশেহে ছুপাৰ-৪ পৰ্যায়ত প্ৰৱেশ কৰাৰ সম্ভাৱনা অধিক।

You might also like