২,০৮২ কোটি টকা লগত লৈ পলাল প্রাক্তন ৰাষ্ট্রপতি
🔹 গৃহযুদ্ধবিধ্বস্ত জন্মভূমিক লুণ্ঠন
নিউজ ডেস্ক, ১৭ ডিচেম্বৰ : ছিৰিয়াৰ পৰা পলায়ন কৰাৰ সময়ত প্রাক্তন ৰাষ্ট্রপতি বাছাৰ আল–আছাদে প্রায় ২৫০ নিযুত মার্কিন ডলাৰ লগত লৈ যায়৷ ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ২,০৮২ কোটি টকা লগত লৈ গৈছে আছাদে৷ এই তথ্য প্রকাশ কৰিছে ফিনাঞ্চিয়েল টাইমছে৷ কেইদিনমান পূর্বে ছিৰিয়াৰ বিদ্রোহীসকলৰ হাতত ক্ষমতা হেৰুৱাইছিল আছাদে৷ বর্তমান ‘বন্ধু’ ৰাছিয়াত আশ্রয় লৈ আছে ছিৰিয়াৰ প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে৷ ইয়াৰ মাজতেই পোহৰলৈ আহিল চাঞ্চল্যকৰ তথ্য৷ কাকতখনৰ প্রতিবেদন অনুসৰি, এই বিপুল পৰিমাণৰ ধন ৰাছিয়ালৈ লৈ গৈছে আছাদে৷ লক্ষণীয়ভাৱে ২০১৮ আৰু ২০১৯ চনতো আছাদে ছিৰিয়াৰ পৰা দুবাৰ ৰাছিয়ালৈ ধন সৰবৰাহ কৰিছিল৷ ইয়াৰ ভিতৰত মার্কিন ডলাৰৰ বিল আৰু বহু ইউৰো নোট আছিল বুলি দাবী কৰিছে কাকতখনে৷ উল্লেখনীয় যে মস্কোৰ বিমানবন্দৰলৈ এই ধন প্রেৰণ কৰিছিল আছাদে৷ এতিয়া ৰাছিয়াৰ বেংকত জমা হৈ আছে আছাদে ছিৰিয়াৰ পৰা লুণ্ঠন কৰি নিয়া বৃহৎ অংকৰ ধনৰাশি৷