নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুকন্যা : অস্তিত্বৰ সংকটত কাছ

মুকুল শর্মা

পৃথিৱীৰ জলবায়ুৰ অস্বাভাৱিক তাৰতম্যৰ বাবে বহুতো জলজ প্রাণী বর্তমান বিপন্ন হৈ পৰিছে৷ নৈ, বিল, জান, জুৰি, জলাশয়ত বিহ আৰু কীটনাশক দ্রব্য প্রয়োগৰ বাবে লুপ্তপ্রায় হৈ বহু জলত প্রাণীৰ লগতে কাছৰ জীৱনলৈও ভাবুকি কঢিয়াই আনিছে৷ জলাশয়সমূহত সহনশীল পৰিৱেশৰ অভাৱৰ লগতে কাছক দেখা মাত্রই ধৰা বা মাৰি পেলোৱা আদিও কাছ দিনকদিনে লুপ্তপ্রায় হৈ পৰাৰ অন্যতম কাৰণ৷ অসমৰ প্রাকৃতিক পৰিৱেশ কাছৰ বাবে উপযোগী যদিও মানুহৰ নিষ্ঠুৰতা, খেতিপথাৰত কীটনাশ দ্রব্য প্রয়োগ, বিহ প্রয়োগ বন ধ্বংস আদিৰ বাবে কাছ নিশ্চিহ্ণ হ’বলৈ ধৰিছে৷ নদ–নদী, জলাশয়, পিটনি আদিত থকা কাছ বাৰিষা প্রজনন বা কণী পাৰিবলৈ পাৰলৈ উঠি আহে৷ তেনে সময়তে একাংশ চোৰাং চিকাৰীয়ে কাছ ধৰি বিক্রী কৰাৰ লগতে মাংস আৰু খোলাটোও বিক্রী কৰে৷ কাছৰ খোলাত প্রচুৰ পৰিমাণে কেলচিয়াম থাকে বুলি বিশ্বাস কৰা হয়৷

কাছ সৰীসৃপৰ চেল’নিয়া chelonia) বর্গৰ ভিতৰত পৰে৷ দুৰা কাছ সাগৰৰ লগতে জলাশয় আৰু মাটিত থাকে৷ পৃথিৱীৰ প্রাচীন প্রাণীসমূহৰ অন্যতম কাছৰ প্রায় ৫০০ প্রজাতি আছিল যদিও বর্তমান প্রায় ২০০মান প্রজাতিৰ কাছ দেখিবলৈ পোৱা যায়৷ বিভিন্ন পৰিৱেশত নিজৰ শৰীৰৰ ভিতৰ তাপমাত্রা পৰিৱর্তন কৰিব পাৰে বাবে কাছক শীতলৰক্তী প্রাণী বোলা হয়৷ কাছৰ উপৰিভাগক চলং carapace) আৰু তলৰ অংশক অধৰচলং plastron) বুলি কোৱা হয়৷ অসমৰ বিভিন্ন জলাহ ভূমিত বৰ কাছ, উলু কাছ, দুৰা কাছ আৰু খনৌ কাছ, হালধীয়া ফুটুকী কাছ আদি দেখিবলৈ পোৱা যায়৷ বর্তমান কাছ বিপন্ন প্রজাতিত পৰিণত হৈছে৷ পানী আৰু মাটি উভয়তে কাছই বাস কৰে৷

ভাৰত মহাসাগৰত বৃহৎ বৃহৎ কাছ দেখিবলৈ পোৱা যায়৷ ইহঁতৰ ওজন প্রায় ৬০০ কেজিলৈকে হয়৷ কাছৰ ধুনীয়া চলংখনৰ পৰা বিভিন্ন ধুনীয়া ধুনীয়া সামগ্রী তৈয়াৰ কৰা হয়৷ কাছৰ শৰীৰটো হাডৰ বর্মৰে গঠিত৷ দেহটো চলংখনৰ ভিতৰত সোমাই থাকে৷ ডিঙি, ঠেং আৰু নেজডাল চলঙৰ বাহিৰত থাকে আৰু মুক্তভাৱে লৰচৰ কৰিব পাৰে৷ কাছ মতা, মাইকী দেখাত একে যদিও মতাবোৰৰ নেজ দীঘল আৰু তলফালৰ অধৰ চলংখন ভিতৰলৈ সোমোৱা৷ কাছই মাটিত কণী পাৰে৷ মাইকী কাছই কণীৰ বাবে গাঁত খান্দে আৰু এবাৰত ৩০টামান কণী পাৰে৷ কণীবোৰ মাটি, বালি আদিৰে ঢাকি দিয়ে৷ কণী ফুটি পোৱালি ওলাবলৈ ৬০–১২০ দিনমান লাগে৷ কাছৰ চলঙৰ ওপৰৰ অংশত সমকেন্দ্রবিশিষ্ট ৰিং থাকে৷ এইবোৰৰ পৰা কাছৰ বয়স গণনা কৰিব পাৰি৷ কাছ প্রায় ১০০ বছৰমান জীয়াই থাকে৷ অধিকাংশ স্থলত বাস কৰা কাছ তৃণভোজী৷ কাছই ঘাঁহ, পাত, ফুল, ফল, জলজ উদ্ভিদ খায়৷ বৰ কাছ অসম, বিহাৰ, মধ্যপ্রদেশ, উত্তৰ প্রদেশ, উৰিষ্যা আদি ৰাজ্যত দেখা পোৱা যায়৷ কাছৰ দীঘল ডিঙি আৰু নলীৰ দৰে থুঁতৰিবোৰে কাছৰ নাকটো পানীৰ পৰা বাহিৰলৈ উলিয়াই উশাহ ল’বলৈ সহায় কৰে৷ সংকুচিত খোলাটোৱে কাছৰ দ্রুতভাৱে সাঁতুৰিবলৈ সহায় কৰে৷

কাছক প্রকৃতিৰ মাজত সুস্থভাৱে জীয়াই ৰাখিবৰ বাবে চৰকাৰৰ লগতে সমাজৰ সকলো শ্রেণীৰ জনসাধাৰণৰ সহায় আৰু সহযোগিতাৰ লগতে গণ মাধ্যমসমূহো অধিক সক্রিয় হোৱাৰ প্রয়োজন নহ’লে পৃথিৱীৰ বুকুৰ পৰা কাছ এদিন বিলুপ্ত হ’ব৷ কাছ সংৰক্ষণৰ বাবে মানুহৰ মাজত জনসচেতনতা অনাৰ লগতে কাছক অস্তিত্বৰ সংকটৰ পৰা মুক্ত কৰি প্রকৃতি প্রাণৱন্ত কৰি ৰখাৰ উদ্দেশ্যে বিশ্বৰ প্রকৃতিপ্রেমী আমেৰিকাৰ পৰিৱেশ সংগঠন‘American Tortoise Rescue’–এ ১৩ মে’ৰ দিনটো ‘বিশ্ব কাছ দিৱস’ হিচাপে পালন কৰে৷ ২০০০ চনৰ পৰা পৃথিৱীৰ বিভিন্ন দেশৰ লগতে ভাৰতবর্ষৰ বিভিন্ন স্থানত এই দিৱস পালন কৰি অহা হৈছে৷
কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ভিতৰত থকা সৰু–বৰ বিলবোৰত অসংখ্য দুষ্প্রাপ্য প্রজাতিৰ জলচৰ প্রাণী সুৰক্ষিত হৈ আছে৷ এজন বনকর্মী হিচাপে উদ্যানত বন্যপ্রাণীৰ সুৰক্ষাৰ বাবে বিভিন্ন সময়ত বিভিন্ন ঠাইত টহলদাৰী কৰাৰ সময়ত বিলৰ পাৰত বা পানীত নানাবিধৰ জলচৰ প্রাণী দেখিবলৈ পাইছিলোঁ৷ ফেব্রুৱাৰী মাহৰ শেষৰ ফালে নতুনকৈ গজা ইকৰাৰ গজালি খাবলৈ জাক জাক দুৰা কাছ বিলৰ পৰা পাৰলৈ উঠি অহা দেখিছিলোঁ৷

প্রাকৃতিক আৱাসস্থলীৰ পৰা কাছ নোহোৱা সময়ত অসমৰ হাজোৰ হয়গ্রীৱ মাধৱ মন্দিৰত, শোণিতপুৰৰ নাগশংকৰ মন্দিৰত, গুৱাহাটীৰ উগ্রতাৰা মন্দিৰত, গোলাঘাটৰ আঠখেলীয়া নামঘৰ আদিৰ পুখুৰীসমূহত কাছ সংৰক্ষণৰ কথাই কিছু আশাৰ বতৰা কঢিয়াই আনিছে৷ এই পুখুৰীসমূহত প্রায় ১০টামান প্রজাতিৰ কাছই বাস কৰে৷

দুলীয়াজান চহৰৰ কিছু নিলগত থকা মেৰবিল হ’ল চৰাই, সৰীসৃপ, কীট–পতংগ ইত্যাদিৰ প্রাকৃতিক ৰম্যভূমি৷ যোৱা ৯ ছেপ্ঢেম্বৰত মেৰবিলৰ পৰা এটা প্রায় ১২ কেজি ওজনৰ বৰ কাছ দুলীয়াজান–নামৰূপ পথলৈ উঠি আহে৷ সেই পথেৰে অইলৰ কর্মচাৰী অনা–নিয়া কৰা বাছ এখনৰ চালক আৰু সহযোগীয়ে কাছটো দেখা পাই বাছত উঠাই লয়৷ দুলীয়াজান আৰক্ষীয়ে গম পাই কাছ, বাছ আৰু ব্যক্তি দুজনক আটক কৰি তিনিচুকীয়া বন কার্যালয়ৰ বন বিষয়াক চমজাই দিয়ে৷ ১৯৭২ অসম বন্যপ্রাণী সুৰক্ষা আইনৰ ৫১ ধাৰা অনুসৰি অপৰাধী দুজনক গ্রেপ্তাৰ কৰি বন গোচৰ ৰুজু কৰি আদলতত হাজিৰ কৰায় আৰু বাছখন জব্দ কৰে৷ মুখ্য বিচাৰপতিয়ে অপৰাধী দুজনক কাৰাগাৰলৈ প্রেৰণ কৰিবলৈ আদেশ দিয়াৰ লগতে কাছটো প্রাকৃতিক নিজা পৰিৱেশত এৰি দিবলৈ কয়৷

কাছ ভাৰতীয় বন্যপ্রাণী সংৰক্ষণ আইনৰ ১নং তালিকাভুক্ত৷ কাছৰ চোৰাং চিকাৰ বা ৰখা আৰু ইয়াৰ শৰীৰৰ অংগসমূহৰ অবৈধ ব্যৱসায় কৰাটো এটা ডাঙৰ অপৰাধ, যাৰ বাবে তিনিৰ পৰা সাত বছৰৰ ভিতৰ কাৰাদণ্ড হ’ব পাৰে৷ বন্যপ্রাণী সুৰক্ষা আইনখন ভালদৰে নজনাৰ বাবে বহু মানুহে কাছ চিকাৰ কৰাৰ লগতে মাংস বিক্রী কৰি খায়৷

ফোনঃ ৮৮২২২–৫৫৩৮৫

You might also like