হঠাৎ স্বাস্থ্যৰ অৱনতি প্রাক্তন ভাৰতীয় ক্রিকেটাৰ বিনোদ কাম্বলিৰ
🔹 চিকিৎসালয়ত ভর্তি : সুস্থিৰ যদিও সংকটমুক্ত নহয়
নিউজ ডেস্ক, ২৪ ডিচেম্বৰ : টীম ইণ্ডিয়াৰ প্রাক্তন ক্রিকেটাৰ বিনোদ কাম্বলিয়ে দীর্ঘদিন ধৰি স্বাস্থ্যজনিত সমস্যাত ভুগি আছে৷ কালি পুনৰ প্রাক্তন ক্রিকেটাৰগৰাকীৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটাত লগে লগে কাম্বলিক থানেৰ আকৃতি চিকিৎসালয়ত ভর্তি কৰোৱা হয়৷ বর্তমান তেওঁৰ চিকিৎসা চলি আছে৷ শেহতীয়াকৈ বিনোদ কাম্বলিৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল৷ শচীন তেণ্ডুলকাৰৰ সৈতে দেখা ভিডিঅ’টোত প্রাক্তন ক্রিকেটাৰগৰাকীক যথেষ্ট অসুস্থ যেন লাগিছিল৷ তেতিয়াৰ পৰা বিশেষ চর্চাত আছে বিনোদ কাম্বলি৷ শেহতীয়াকৈ এজন অনুৰাগীয়ে কাম্বলিৰ এটা ভিডিঅ’ সামাজিক মাধ্যমত প্রকাশ কৰিছে, য’ত তেওঁক চিকিৎসালয়ত ভর্তি হৈ থকা দেখিবলৈ পোৱা গৈছে৷ জানিব পৰা মতে, কাম্বলিৰ স্বাস্থ্য সম্পর্কীয় সকলো পৰীক্ষা ইতিমধ্যে সম্পন্ন হৈছে, কিন্তু তেওঁৰ অৱস্থা বর্তমান সংকটজনক হৈয়ে আছে৷ কাম্বলিৰ কি হৈছে সেয়া সঠিককৈ জানিব পৰা হোৱা নাই৷ কাম্বলি বহুকেইটা বেমাৰত ভুগি আছে৷ ইয়াৰ পূর্বে তেওঁৰ হার্ট এটেকো হৈছিল৷ সুৰাৰ প্রতি থকা আসক্তিৰ বাবে কাম্বলিৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিছে৷ কাম্বলিৰ এই অৱস্থা দেখিয়েই প্রবীণ ক্রিকেটাৰ কপিল দেৱে ঘোষণা কৰিছিল যে ১৯৮৩ চনৰ বিশ্বকাপৰ সতীর্থসকলে তেওঁক আর্থিকভাৱে সহায় কৰিব৷ কাম্বলিয়ে এই সহায়ৰ প্রস্তাৱ গ্রহণ কৰাৰ লগতে কপিল দেৱ আৰু তেওঁৰ সতীর্থসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰিছিল৷ ইয়াৰ পিছত কাম্বলি ৰিহেবলৈ যাবৰ বাবে সাজু হৈছিল৷