দৰিদ্রতাৰ মাজতে বিশাল সংসাৰ চলাইছে কাছেৰাই
🔹 ১২গৰাকী পত্নী, ১০২ সন্তান, ৫৭৮ নাতি–নাতিনী
🔹 ‘দ্য পার্ছন হু প্রডিউচড দ্য মোষ্ট চিলড্রেন ইন দ্য ৱর্ল্ড’
নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : বয়স ৭০ বছৰ, ১২গৰাকী পত্নী, ১০২ সন্তান! উগাণ্ডাৰ এজন ব্যক্তিৰ সংসাৰ এয়া৷ আছে ৫৭৮ নাতি–নাতিনী৷ নাম মুছা হাছায়া কাছেৰা৷ ৭০ বছৰীয়া উগাণ্ডান এই ব্যক্তিগৰাকীয়ে দাৰিদ্র্য আৰু সীমিত সম্পদৰ মাজতো চলাই আছে সংসাৰ৷ পূব উগাণ্ডাৰ মুকিজাৰ বাসিন্দা কাছেৰা৷ ইতিমধ্যে বিশ্বৰ সংবাদ শিৰোনাম দখল কৰিছে কাছেৰাই৷ লক্ষণীয়ভাৱে স্থানীয় লোকসকলৰ সন্মুখত কাছেৰা এক বিস্ময়৷ কেনেদৰে সম্ভৱ হৈছে এনে বিশাল পৰিয়াল পোহপাল দিয়াটো! এই বিষয়টোক লৈ হতবাক হৈ পৰে অঞ্চলটোৰ দাৰিদ্র্যপীড়িত লোকসকল৷ শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হৈছে কাছেৰাৰ জীৱনৰ কাহিনী৷ ‘দ্য পার্ছন হু প্রডিউচড দ্য মোষ্ট চিলড্রেন ইন দ্য ৱর্ল্ড’ শীর্ষক ছ’চিয়েল মিডিয়া পোষ্টে বিশ্বজুৰি সৃষ্টি কৰে চাঞ্চল্য৷ মুহূর্ততে ভাইৰেল হৈ পৰে এই পোষ্ট৷ কাছেৰাৰ এই বিশাল সংসাৰক লৈ বিভিন্নজনে ছ’চিয়েল মিডিয়াত ৰসিকতাও কৰিছে৷ এজনে লিখিছে– ‘ইয়াক পৰিয়াল বুলি কিয় অভিহিত কৰা হৈছে? কাছেৰাক এখন জিলা বুলি ঘোষণা কৰা হোৱা নাই কিয়?’ এজনে আকৌ লিখিছে– ‘এই ব্যক্তিগৰাকীয়ে সঁচাকৈয়েই জীৱন জীয়াইছে৷’ ১৯৭২ চনত ১৭ বছৰ বয়সতে প্রথমবাৰ বিবাহপাশত আবদ্ধ হয় কাছেৰা৷ ইয়াৰ পিছৰে পৰা কাছেৰাৰ পৰিয়াল বৃদ্ধি পাইছে৷ বহুবিবাহ নিষিদ্ধ নহয় উগাণ্ডাত৷ মূলতঃ পশুপালক আৰু কচাই হিচাপে জীৱন নির্বাহ কৰা কাছেৰাক দুখীয়া লোকসকলে কম বয়সতে নিজৰ কন্যাক বিয়া দিছিল৷ ১৯৯৫ চনলৈকে বাল্যবিবাহো চৰকাৰীভাৱে নিষিদ্ধ নাছিল উগাণ্ডাত৷ গতিকে, বৃহৎ সংসাৰ কৰাৰ ক্ষেত্রত কোনো সমস্যাৰ সন্মুখীন হোৱা নাছিল কাছেৰা৷ এনেদৰে বিশ্বৰ ভিতৰতে এতিয়া বিশাল পৰিয়ালৰ গৰাকী হৈ পৰিছে ৭০ বছৰীয়া কাছেৰা৷ তেওঁৰ সন্তানসকলৰ বয়স ১০ৰ পৰা ৫০ বছৰৰ ভিতৰত৷ শেষৰগৰাকী পত্নীৰ বয়স মাত্র ৩৫ বছৰ৷ দৰিদ্রতাৰ মাজত থাকিও উগাণ্ডাৰ কাছেৰা এতিয়া বিশ্বৰ চর্চিত ব্যক্তি৷