দক্ষিণ কোৰিয়াত ভয়াৱহ বিমান দুৰ্ঘটনা : ৬২জনৰ প্ৰাণহানি
🔹 ৬জন ক্ৰু মেম্বাৰসহ ১৮১জন যাত্ৰী আছিল বিমানখনত
🔹 কাজাখস্তানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়া
🔹 ডাঠ ক’লা ধোঁৱাই ছানি ধৰে আকাশ
নিউজ ডেস্ক, ২৯ ডিচেম্বৰ : কাজাখস্তানৰ পিছত এইবাৰ দক্ষিণ কোৰিয়াত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছে। দেশখনৰ মুয়ান বিমানবন্দৰত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। বিমানখনত ৬জন ক্ৰু মেম্বাৰসহ ১৮১জন যাত্ৰী আছিল। ইয়াৰে কমেও ৬২জনৰ মৃত্যু হৈছে। বিমানখন বেংককৰ পৰা উভতি আহোঁতে এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাটোৰ এটা সৰু ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে জেজু এয়াৰৰ বিমানখন ৰানৱেত অৱতৰণ কৰাৰ সময়ত এই ভয়াৱহ দুৰ্ঘটনাটো সংঘটিত হয়। পিছত বিমানখনে এখন বেৰত খুন্দা মাৰে। ফলত এক বৃহৎ বিস্ফোৰণ সংঘটিত হয়। নিমিষতে জ্বলি উঠে জুইৰ শিখা। ডাঠ ক’লা ধোঁৱাই আকাশ ছানি ধৰে। লগে লগে উদ্ধাৰকাৰী দল উপস্থিত হয় আৰু উদ্ধাৰৰ কাম আৰম্ভ কৰে। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাৰ লগে লগে ইটোৰ পিছত সিটোকৈ অগ্নিনিৰ্বাপক বাহিনীৰ ইঞ্জিন উপস্থিত হয়। এই ভয়াৱহ ঘটনাত আহতসকলক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। স্থানীয় প্ৰশাসন আৰু বিমানবন্দৰ কৰ্তৃপক্ষই দাবী কৰিছে যে সমগ্ৰ ঘটনাটোৰে তৎকালীনভাৱে মোকাবিলা কৰা হৈছে। উল্লেখ্য যে যোৱা সপ্তাহত কাজাখস্তানত এক ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত ৬২জন যাত্ৰী আৰু ৫ জন ক্ৰু মেম্বাৰ আছিল। মুঠ যাত্ৰীৰ সংখ্যা আছিল ৬৭জন। ইয়াৰে ৩৭ জন আজাৰবাইজানৰ, ১৬জন ৰাছিয়াৰ, ৬জন কাজাখস্তানৰ আৰু আন ৩জন যাত্ৰী আছিল। এই পৰ্যন্ত এই দুৰ্ঘটনাত ৩৭ জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে। সেই দুৰ্ঘটনাৰ পিছতে দক্ষিণ কোৰিয়াত এই ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হয়।