আয়োজনৰ দায়িত্ব হেৰুওৱাৰ শংকাত পাকিস্তান
নিয়মীয়া বাৰ্তা ডিজিটেল, ১০ জানুৱাৰীঃ আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত প্রায় এমাহ বাকী থকা সময়তে পুনৰ আন এক প্রত্যাহ্বান সন্মুখীন হৈছে পাকিস্তান ক্রিকেট ব’ৰ্ড৷ ১৯ ফেব্রুৱাৰীৰ পৰা প্রতিযোগিতাখন আৰম্ভ হ’ব যদিও এতিয়াও বিপদে যেন লগা এৰা নাই পাকিস্তান ক্রিকেট ব’ৰ্ডক৷ প্রতিযোগিতাখন হাইব্রীড মডেলত অনুষ্ঠিত কৰাৰ বাবে অনুমোদন দিয়াৰ পিছত চেম্পিয়নছ ট্ৰফী আয়োজনৰ বিষয়টোৰ অন্ত পৰিছিল যদিও এইবাৰ পুনৰ প্রতিযোগিতাখন আয়োজনক লৈ প্রত্যাহ্বানৰ সন্মুখীন হৈছে পাকিস্তান৷ পাকিস্তানে আয়োজন কৰিবলগীয়া প্রতিযোগিতাখনৰ ভাৰতৰ খেলসমূহ ডুবাইত অনুষ্ঠিত হ’ব৷ কিন্তু এতিয়া খবৰ ওলাইছে যে আইচিচিয়ে এই প্রতিযোগিতাখন সম্পূর্ণৰূপে আন এখন দেশলৈ স্থানান্তৰ কৰাৰ কথা চিন্তা কৰিছে৷ ইয়াৰ আটাহতকৈ ডাঙৰ কাৰণ কোৱা হৈছে যে প্রতিযোগিতাখনৰ প্রস্তুতি এতিয়াও সম্পূর্ণ হোৱা নাই৷ চেম্পিয়নছ ট্ৰফীৰ খেলসমূহ কৰাচী, লাহোৰ আৰু ৰাৱালপিণ্ডিত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে আইচিচিয়ে এই ষ্টেডিয়ামসমূহৰ মেৰামতিৰ বাবে পিচিবিক বিপুল আর্থিক সাহায্য দিছে আৰু এই সকলো কাম ২০২৪ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূর্ণ হ’ব লাগিছিল৷ কিন্তু সময়সীমা উকলি যোৱাৰ পিছতো ষ্টেডিয়ামসমূহত বহু কাম এতিয়াও বাকী থকা বুলি খবৰ ওলাইছে৷ ষ্টেডিয়ামৰ আসন, খেলুৱৈৰ ড্রেছিং ৰুমৰ মেৰামতি, ফ্লাড লাইটৰ ব্যৱস্থা আৰু অন্যান্য সা–সুবিধা আদি বহু কাম এতিয়াও সম্পূর্ণ হোৱা নাই৷ পিচিবিয়ে ১২ ফেব্রুৱাৰীৰ ভিতৰত এই সকলো কাম সম্পূর্ণ কৰি ষ্টেডিয়ামসমূহ আইচিচিক গতাই দিয়াৰ সম্ভাৱনা আছে৷ কিন্তু পিচিবিৰ কাম–কাজত আইচিচি সুখী নহয় আৰু নৱীকৰণত পলম হোৱাৰ বাবেই পাকিস্তানৰ পৰা প্রতিযোগিতাখন স্থানান্তৰ কৰাৰ কথা চিন্তা কৰিছে৷ এই কামসমূহ পৰিদর্শন কৰিবলৈ অতি সোনকালে পাকিস্তান ভ্রমণ কৰিব আইচিচিৰ এটা দল৷ ইয়াৰ পিছতহে আইচিচিয়ে এই সন্দর্ভত সিদ্ধান্ত লোৱাৰ সম্ভাৱনা আছে৷ ইপিনে ষ্টেডিয়ামসমূহৰ মেৰামতিৰ কামত পলম হোৱাৰ বাবে চেম্পিয়নছ ট্ৰফী পাকিস্তানৰ পৰা স্থানান্তৰ হোৱাৰ সম্ভাৱনা থকা বুলি ওলোৱা দাবী নাকচ কৰিছে পাকিস্তান ক্রিকেট বর্ডে৷ পিচিবিয়ে এই বিবৃতিত কয়, ‘লাহোৰ, কৰাচী আৰু ৰাৱালপিণ্ডিত প্রস্তুতি পূর্ণগতিত চলি আছে আৰু নির্মাণৰ কাম সময়মতে সম্পূর্ণ কৰিবলৈ ব’র্ডে অহৰহ চেষ্টা কৰি আছে৷’ পিচিবিয়ে অনুৰাগী, দর্শক আৰু সংবাদ মাধ্যমক আশ্বস্ত কৰি কয়, ‘সকলো কাম নির্ধাৰিত সময়সীমাত বা তাৰ আগতে সম্পূর্ণ কৰা হ’ব৷’ পিচিবিয়ে আৰু কয় যে আইচিচি চেম্পিয়নছ ট্ৰফী আৰু অন্যান্য আন্তঃৰাষ্ট্রীয় মেচ আয়োজনৰ বাবে সকলো স্থান যাতে সাজু হয় তাৰ বাবে পিচিবি সম্পূর্ণৰূপে প্রতিশ্রুতিৱদ্ধ৷ ২৫ জানুৱাৰীৰ সময়সীমা পূৰণৰ বাবে ২৫০জনতকৈ অধিক কর্মীয়ে দিনে–নিশাই কাম কৰি আছে৷ পিচিবি আত্মবিশ্বাসী যে এই উন্নীতকৰণে অনুৰাগীৰ অভিজ্ঞতা বৃদ্ধি কৰিব আৰু এখন মুখ্য ক্রিকেট আয়োজনক হিচাপে পাকিস্তানৰ সুনাম অক্ষুণ্ণ ৰাখিব৷ উল্লেখ্য যে ১৯৯৬ চনৰ বিশ্বকাপৰ পাছত পাকিস্তানে আয়োজন কৰা এইখন প্রথম বৃহৎ ক্রিকেট প্রতিযোগিতা৷