একাধিক সালসলনি ঘটিব ভাৰতীয় ক্ৰিকেট দলত
🔹 ব্যর্থতা পাহৰি নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ লক্ষ্য
নিউজ ডেস্ক, ১১ জানুৱাৰী : সদ্যসমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাত শোচনীয়ভাৱে পৰাস্ত হয় টীম ইণ্ডিয়া৷ উক্ত ব্যর্থতা পাহৰি এতিয়া নতুন উদ্যমেৰে আগবাঢ়ি যোৱাৰ লক্ষ্য লৈছে ভাৰতীয় দলটোৱে৷ সন্মুখত দুটাকৈ গুৰুত্বপূর্ণ শৃংখলা৷ চলিত মাহৰ শেষৰ ফালে ইংলেণ্ডৰ বিৰুদ্ধে ঘৰৰ মাটিত সীমিত অভাৰৰ মেচত ভাগ লোৱাৰ পিছত ফেব্রুৱাৰী মাহত আইচিচি চেম্পিয়নছ ট্রফীত ভাগ ল’ব ভাৰতীয় দলটোৱে৷ ইংলেণ্ডৰ বিপক্ষে এদিনীয়া আৰু টি–২০ শৃংখলাৰ লগতে আইচিচি চেম্পিয়নছ ট্রফীৰ বাবে একে সময়তে ভাৰতীয় দলটো ঘোষণা কৰাৰ পূর্ণ সম্ভাৱনা আছে৷ সংবাদ প্রতিষ্ঠানৰ বাতৰি অনুসৰি, ইংলেণ্ডৰে খেলিবলগীয়া সীমিত অভাৰৰ শৃংখলাটোৰ লগতে চেম্পিয়নছ ট্রফীত ভাৰতীয় দলত একাধিক সালসলনি ঘটাৰ পূর্ণ সম্ভাৱনা আছে৷ ইংলেণ্ডৰ বিপক্ষে খেলিবলগীয়া তিনিখনীয়া এদিনীয়া মেচৰ শৃংখলাটোৰ লগতে আইচিচি চেম্পিয়নছ ট্রফীত ভাৰতীয় দলটোৰ পৰা বাদ পৰাৰ সম্ভাৱনা আছে লোকেশ ৰাহুল আৰু ৰবীন্দ্র জাদেজা৷ ইপিনে, প্রথমবাৰৰ বাবে ভাৰতীয় এদিনীয়া দলত স্থান লাভ কৰাৰ সম্ভাৱনা আছে তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱালৰ৷ শুভমন গিলেও এদিনীয়া দলটোত স্থান লাভ কৰাটো প্রায় নিশ্চিত৷ যদি গিলে এদিনীয়া দলটোত স্থান লাভ কৰে, তেতিয়াহ’লে অধিনায়ক ৰোহিত শর্মাৰ সৈতে ইনিংছ মুকলি কৰিব আৰু বিৰাট কোহলিয়ে তৃতীয় স্থানত বেটিং কৰিব৷ আনহাতে, ইংলেণ্ডৰে খেলিবলগীয়া সীমিত অভাৰৰ শৃংখলাটোত অংশগ্রহণ অনিশ্চিত হৈ পৰিছে তাৰকা পেচ বলাৰ যশপ্রীত বুমৰাহৰ৷ সদ্যসমাপ্ত ব’ৰ্ডাৰ–গাভাস্কাৰ ট্রফী টেষ্ট শৃংখলাৰ ছিডনীত অনুষ্ঠিত পঞ্চম তথা অন্তিমখন টেষ্টৰ পিছত পিঠিৰ আঘাতৰ সমস্যাত ভুগিছে বুমৰাহ৷ ইংলেণ্ডৰে ঘৰুৱা শৃংখলাটোত বুমৰাহক বিশ্রাম দিয়াৰ অধিক সম্ভাৱনা আছে৷ ইফালে, তাৰকা পেচ বলাৰ মহম্মদ ছামি পুনৰ জাতীয় দললৈ প্রত্যাৱর্তন কৰাৰ সম্ভাৱনা আছে৷ আঘাতৰ বাবে ২০২৩ চনত ভাৰতত অনুষ্ঠিত এদিনীয়া বিশ্বকাপৰ পিছৰে পৰা ছামিয়ে ভাৰতীয় দলৰ বাহিৰত আছে৷ শেহতীয়াকৈ ঘৰুৱা ক্রিকেটত দাঙি ধৰা উন্নত প্রদর্শনৰ সুবাদত ছামি পুনৰ ভাৰতীয় দলত স্থান লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷ আনহাতে, সঞ্জু ছেমছনে বিকল্প উইকেটকীপাৰ হিচাপে সুযোগ লাভ কৰিব পাৰে৷