জিৰণি বিচাৰিছিল তাৰকা খেলুৱৈ ৰাহুলে : ছুটী নিদিয়ে বিচিচিআয়ে
নিউজ ডেস্ক, ১২ জানুৱাৰী : ভ্রমণকাৰী দল ইংলেণ্ডৰ বিৰুদ্ধে খেলিবলগীয়া সীমিত অভাৰৰ শৃংখলাটোত জিৰণি ল’ব বিচাৰিছিল টীম ইণ্ডিয়াৰ তাৰকা খেলুৱৈ লোকেশ ৰাহুলে৷ প্রথম অৱস্থাত তেওঁক জিৰণি লোৱাৰ বাবে সন্মতি দিছিল যদিও এতিয়া ব’র্ডে সেই ছুটী দিবলৈ অস্বীকাৰ কৰিছে৷ বিচিচিআয়ে এদিনীয়া শৃংখলাত ৰাহুলে খেলাটো বিচাৰিছে৷ চেম্পিয়নছ ট্ৰফীৰ প্রতি লক্ষ্য ৰাখিয়েই ব’র্ডে এনে সিদ্ধান্ত গ্রহণ কৰিছে৷ সংবাদ প্রতিষ্ঠানক ব’ৰ্ডৰ এজন বিষয়াই কয় যে নির্বাচকসকলে প্রথমে ৰাহুলক জিৰণি দিয়াৰ কথা ভাবিছিল৷ এদিনীয়া ক্রিকেটত তেওঁ মিডল অর্ডাৰত খেলে৷ তেওঁ উইকেটকীপাৰ হিচাপেও দায়িত্ব চম্ভালিব পাৰে৷ এনে এজন ব্যক্তিক সমগ্র সীমিত অভাৰৰ শৃংখলাটোত জিৰণি দিয়াৰ পৰিৱর্তে এদিনীয়া শৃংখলাটোৰ বাবে বিবেচনা কৰা হৈছে৷ ফেব্রুৱাৰী মাহত চেম্পিয়নছ ট্ৰফীৰ কথা মনত ৰাখিয়েই এনে সিদ্ধান্ত লোৱা হৈছে৷ দীর্ঘদিন ধৰি টি–২০ দলৰ পৰা আঁতৰি আছে ৰাহুল৷ কিন্তু এদিনীয়াত ঋষভ পণ্টৰ অনুপস্থিতিত তেওঁ দলৰ প্রথম পছন্দৰ উইকেটকীপাৰ হিচাপে পৰিগণিত হয়৷ মিডল অর্ডাৰতো তেওঁ ধাৰাবাহিকভাৱে উন্নত প্রদর্শন কৰি আহিছে৷ ইংলেণ্ডৰ বিৰুদ্ধে ৬ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব এদিনীয়া শৃংখলাটো৷ চেম্পিয়নছ ট্ৰফীলৈ প্রস্তুতি চলোৱাৰ এইটোৱেই হৈছে ভাৰতৰ শেষ সুযোগ৷ ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন খেল ১২ ফেব্রুৱাৰীত৷ চেম্পিয়নছ ট্ৰফীত ভাৰতৰ প্রথমখন খেল বাংলাদেশৰ বিৰুদ্ধে৷ সেই মেচখন ২০ ফেব্রুৱাৰীত ডুবাইত অনুষ্ঠিত হ’ব৷