🔹 উদক ভেটাৰখীয়া : নিকৃষ্ট কাণ্ডৰে আৰক্ষীৰ জালত ২
নিউজ ডেস্ক, ১৩ জানুৱাৰী : যিমানেই বেছি জুই জ্বলিব, সিমানেই বেছি উপার্জন৷ এই লোভৰ বাবেই এটাৰ পিছত এটাকৈ কাৰখানাত জুই লগাই দিছিল অগ্ণিনির্বাপক বাহিনীৰ কর্মীয়ে৷ এই অভিযোগত গ্রেপ্তাৰ কৰা হৈছে দুগৰাকী কর্মীক৷ ৰাজস্থানৰ জয়পুৰত কম দিনৰ ভিতৰত তিনিটা কাৰখানাত সংঘটিত হৈছিল অগ্ণিকাণ্ড৷ এই অগ্ণিকাণ্ডৰ তদন্তত নামি আৰক্ষীয়ে কালি অগ্ণিনির্বাপক বাহিনীৰ কর্মী বিজয় শর্মা আৰু গাড়ী চালক ৰাহুল যাদৱক গ্রেপ্তাৰ কৰিছে৷ দুয়োজনকে জেৰা কৰাৰ পিছত চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে৷ উল্লেখনীয় যে জয়পুৰৰ ৰিকো অঞ্চলত কম দিনৰ ভিতৰতে তিনিটা কাৰখানাত অগ্ণিকাণ্ড সংঘটিত হোৱাৰ পিছত এই ঘটনাৰ তদন্ত চলায় আৰক্ষীয়ে৷ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য৷ লক্ষণীয়ভাৱে দুজন বাইক আৰোহীয়ে কাৰখানাত অগ্ণিসংযোগ কৰা বুলি তথ্য লাভ কৰে আৰক্ষীয়ে৷ ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত ক্ষিপ্রতৰ কৰে৷ তদন্তত এই ঘটনাত অগ্ণিনির্বাপক বাহিনীৰ দুগৰাকী কর্মী জড়িত থকা বুলি নিশ্চিত হয় আৰক্ষী৷ ইয়াৰ পিছতে দুয়োজন কর্মীক গ্রেপ্তাৰ কৰে ৰাজস্থান আৰক্ষীয়ে৷