নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

৮০গৰাকী ছাত্রীৰ চোলা খুলিলে প্রধান শিক্ষকে

🔹 বিক্ষোভ প্রদর্শন ছাত্রীৰ অভিভাৱকৰ

নিউজ ডেস্ক, ১৩ জানুৱাৰী : দশম শ্রেণীৰ পৰীক্ষাৰ শেষ দিন৷ দীর্ঘদিন দেখা–দেখি নহ’ব বান্ধৱীসকলৰ সৈতে৷ সেইবাবে পৰস্পৰৰ চোলাত শুভেচ্ছা বার্তা লিখি দিছিল ঝাৰখণ্ডৰ ধানবাদৰ এখন বেচৰকাৰী বিদ্যালয়ৰ ছাত্রীসকলে৷ অভিযোগ অনুসৰি, এই ‘অপৰাধ’ৰ বাবে ৮০জনী ছাত্রীক চোলা খুলি মাত্র ব্লেজাৰ পিন্ধি ঘৰলৈ উভতি যাবলৈ বাধ্য কৰালে বিদ্যালয়ৰ প্রধান শিক্ষকে৷ বিষয়টো পোহৰলৈ অহাৰ লগে লগে সমগ্র ঝাৰখণ্ডত সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ শুকুৰবাৰে বিদ্যালয়খনৰ দশম শ্রেণীৰ পৰীক্ষাৰ শেষ দিন আছিল৷ পৰীক্ষাৰ পিছত আৱেগপ্রৱণ হৈ ছাত্রীসকলে পৰস্পৰৰ চোলাত শুভেচ্ছা বার্তা লিখিছিল৷ বিভিন্ন সময়ত বন্ধুসকলে বিদায়ৰ দিনাখন এনে কাম কৰে৷ কিন্তু প্রধান শিক্ষকৰ নজৰলৈ অহাৰ লগে লগে ছাত্রীসকলক শাস্তি হিচাপে খুলিবলৈ দিয়া হ’ল চোলা৷ এই ঘটনাৰ পিছতে বিদ্যালয়ৰ চৌহদত বিক্ষোভ প্রদর্শন কৰে ছাত্রীসকলৰ অভিভাৱকসকলে৷

You might also like