নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কম সন্তান থকা ব্যক্তিয়ে খেলিব নোৱাৰিব নির্বাচন

🔹 শিশু জন্মৰ হাৰ হ্রাসক লৈ উদ্বিগ্ণ মুখ্যমন্ত্রী

নিউজ ডেস্ক, ১৭ জানুৱাৰী : শিশু জন্মৰ হাৰ হ্রাস পোৱা বিষয়টোক লৈ উদ্বিগ্ণ অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী এন চন্দ্রবাবু নাইডু৷ দক্ষিণৰ ৰাজ্যসমূহত শেহতীয়া প্রতিবেদন অনুসৰি উর্বৰাৰ হাৰ মাত্র ১.৭৩ শতাংশ৷ কিন্তু ৰাষ্ট্রীয় হাৰ এইক্ষেত্রত ২.১ শতাংশ৷ এই বিষয়টোক লৈ অন্ধ্রপ্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডুৱে উদ্বেগ প্রকাশ কৰিছে৷ মুখ্যমন্ত্রীগৰাকীয়ে বিচাৰিছে পৰিয়ালত শিশুৰ জন্মৰ হাৰ বৃদ্ধি পাব লাগিব৷ গতিকে এইক্ষেত্রত কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ ইংগিত দিছে নাইডুৱে৷ দুটাতকৈ কম সন্তান থকা ব্যক্তিক স্থানীয় নির্বাচনসমূহত প্রতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্রত বাধা প্রদান কৰাৰ চিন্তা–চর্চা চলাইছে মুখ্যমন্ত্রীগৰাকীয়ে৷ স্মর্তব্য যে মাত্র কেইমাহমান পূর্বে দুটাতকৈ অধিক সন্তান থকা লোকক পঞ্চায়ত আৰু পৌৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ ক্ষেত্রত নিষিদ্ধ কৰাৰ আইন বাতিল কৰা হৈছিল ৰাজ্যখনত৷ কিন্তু এতিয়া অধিক সন্তান থকা ব্যক্তিয়েহে নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিব পাৰিব৷ চন্দ্রবাবু নাইডুৰ বক্তব্য অনুসৰি দুটাতকৈ কম সন্তান থকা ব্যক্তিক পঞ্চায়ত আৰু পৌৰ নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ দিয়া নহ’ব৷ যিসকল ব্যক্তিৰ দুটা বা ততোধিক সন্তান থাকিব, তেওঁলোকেহে স্থানীয় নির্বাচনসমূহত প্রতিদ্বন্দ্বিতা কৰিব পাৰিব৷ এই সন্দর্ভত শীঘ্রে বিধানসভাত চৰকাৰৰ তৰফৰ পৰা নতুন বিধেয়ক উত্থাপন কৰাৰ সম্ভাৱনা আছে৷ নতুন আইনৰ জৰিয়তে ৰাজ্যখনৰ জনসাধাৰণৰ মাজত সন্তান জন্মৰ হাৰ বৃদ্ধিৰ বিষয়টোক জনপ্রিয় কৰাৰ চেষ্টা চলাব চৰকাৰে৷ অৱশ্যে তাৎক্ষণিকভাৱে এই সন্দর্ভত কোনো প্রস্তাৱ আগবঢ়োৱা হোৱা নাই৷ আগন্তুক দিনত বিধানসভাত বিষয়টোক লৈ বিধেয়ক উত্থাপন হ’ব পাৰে বুলি ইংগিত দিছে মুখ্যমন্ত্রীগৰাকীয়ে৷

You might also like