নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্রতিষ্ঠাতাই বন্ধ কৰিলে হিণ্ডেনবার্গ ৰিছার্চ

🔹 আদানি–ছেবিক লৈ প্রতিবেদনেৰে সৃষ্টি কৰিছিল আলোড়ন

নিউজ ডেস্ক, ১৭ জানুৱাৰী : হিণ্ডেনবার্গ ৰিছার্চে প্রকাশ কৰা প্রতিবেদনৰ বাবেই সংকটৰ সন্মুখীন হৈছিল আদানি গোষ্ঠী৷ ধনকুবেৰ আদানিৰ শ্বেয়াৰৰ পতন অহাৰ উপৰি আইনী সমস্যাও বৃদ্ধি পায়৷ পৰৱর্তী সময়ত ‘ছেবি’ৰ মুৰব্বী আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধেও বৃহৎ অভিযোগ আনিছিল হিণ্ডেনবার্গ ৰিছার্চে৷ এইবাৰ সেই আমেৰিকান সংস্থা বন্ধ হ’বলৈ ওলাইছে৷ সংস্থাটোৰ প্রতিষ্ঠাতা নাটে এণ্ডাৰছনে এই কথা নিজেই ঘোষণা কৰিছে৷ হিণ্ডেনবার্গৰ মুৰব্বী এণ্ডাৰছনে কয় যে এই সংস্থাটো তেওঁৰ জীৱনৰ এটা অধ্যায়, ই সমগ্র জীৱন নহয়৷ বহু চিন্তা কৰিয়েই হিণ্ডেনবার্গ ৰিছার্চ বন্ধ কৰি দিয়াৰ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰিছে এণ্ডাৰছনে৷ স্মর্তব্য যে ২০১৭ চনত এণ্ডাৰছনে প্রতিষ্ঠা কৰিছিল মার্কিন শ্বর্ট ছেলাৰ সংস্থা হিণ্ডেনবার্গ ৰিছার্চ৷ কম সময়ৰ ভিতৰতে বহু সংস্থাৰ জালিয়াতি, দুর্নীতি আৰু নীতিবহির্ভূতভাৱে ধন সংগ্রহ কৰা বিভিন্ন তথ্য হিণ্ডেনবার্গ ৰিছার্চে ফাদিল কৰি দিছিল৷ ইয়াৰ বাবে বিশ্বজুৰি খ্যাতি অর্জন কৰে হিণ্ডেনবার্গে৷ এই সংস্থাটো বন্ধ কৰি দিয়া সিদ্ধান্তৰ কথা ঘোষণা কৰি এণ্ডাৰছনে কয়– ‘আমি এনে কিছু সাম্রাজ্যৰ ভেটিত কম্পন তুলিছোঁ, যিবোৰক শংকিত কৰাৰ প্রয়োজন বুলি অনুভৱ কৰিছিলোঁ৷’ লক্ষণীয়ভাৱে একাধিক বিস্ফোৰক প্রতিবেদন প্রকাশ কৰি বিভিন্ন মহলৰ ভাবুকিৰ সন্মুখীন হোৱা বাবেই এণ্ডাৰছনে হিণ্ডেনবার্গ ৰিছার্চ বন্ধ কৰাৰ সিদ্ধান্ত লোৱা বুলি চর্চা চলিছে৷ কিন্তু সংস্থাটোৰ মুৰব্বীগৰাকীয়ে উল্লেখ কৰিছে যে কাৰো ভাবুকিৰ বাবে তেওঁ এই সিদ্ধান্ত গ্রহণ কৰা নাই৷ এই সিদ্ধান্ত নিতান্তই ব্যক্তিগত বুলি উল্লেখ কৰিছে এণ্ডাৰছনে৷ লক্ষণীয়ভাৱে হিণ্ডেনবার্গৰ সাফল্যৰ বাবে বহু ত্যাগৰ প্রয়োজন হৈছিল বুলি উল্লেখ কৰিছে এণ্ডাৰছনে৷ এই কাম কৰিবলৈ গৈ তেওঁ জীৱনৰ বহু মূল্যৱান সম্পদ হেৰুৱাবলগীয়া হৈছিল বুলিও সংবাদ মাধ্যমৰ আগত উল্লেখ কৰিছে৷

You might also like