নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্বত যুৱৰ মাজত বৃদ্ধি পাইছে দুৰাৰোগ্য কর্কট ৰোগ

🔹 আমেৰিকান কেঞ্চাৰ ছ’চাইটীৰ প্রতিবেদন

🔹 আক্রান্তৰ ভিতৰত মহিলাৰ সংখ্যা অধিক

নিউজ ডেস্ক, ১৯ জানুৱাৰী : আমেৰিকান কেঞ্চাৰ ছ’চাইটীৰ দ্বাৰা শেহতীয়াভাৱে প্রকাশিত প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ পাইছে৷ এই প্রতিবেদনৰ তথ্য অনুসৰি, বিশ্বজুৰি যুৱ প্রাপ্তবয়স্কৰ মাজত দুৰাৰোগ্য কর্কট ৰোগ বৃদ্ধি পাইছে৷ বিশেষকৈ মহিলাসকলৰ মাজত এই দুৰাৰোগ্য কর্কট ৰোগত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে৷ ৫০ বছৰৰ অধীনৰ মহিলাসকলৰ স্তনৰ কর্কটকে ধৰি বিভিন্ন কর্কটত আক্রান্ত ৰোগীৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই আহিছে৷ প্রতিবেদনত উল্লেখ কৰা মতে, বিভিন্ন কর্কট ৰোগত আক্রান্ত ৰোগীৰ সম্পর্ক ধূমপানৰ লগত জড়িত হৈ আছে৷ ধূম্রপায়ীৰ হাঁওফাঁও, মুখমণ্ডল, ডিঙি, বৃক্ক, যকৃত, পিত্তাশয় আদিত কর্কট ৰোগ হয়৷ এই কর্কটৰ পৰা বাছি থাকিবলৈ প্রতিবেদনত বিভিন্ন পৰামর্শও আগবঢ়োৱা হৈছে৷ ধূমপান বর্জন কৰাৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছে৷ সুৰা সেৱনেও কর্কটৰ কাৰক হ’ব পাৰে বুলি প্রতিবেদনত উল্লেখ কৰি পার্যমাণে সুৰা সেৱনৰ পৰা নিজকে আঁতৰাই ৰখাৰ পৰামর্শ আগবঢ়াইছে৷ পুষ্টিকৰ আহাৰ সেৱন, বিশেষকৈ ফল–মূল, শাক–পাচলি আদিক প্রাধান্য দিয়াৰ বাবেও প্রতিবেদনত উল্লেখ কৰা হৈছে৷ শাৰীৰিক পৰিশ্রম কিম্বা কার্যকলাপৰ দ্বাৰা সুস্বাস্থ্যৱান হৈ থাকিব পাৰে৷ এনে কাৰণতে যুৱ চামক শাৰীৰিক শ্রমৰ প্রতি গুৰুত্ব দিবলৈও পৰামর্শ আগবঢ়োৱা হৈছে৷

You might also like