নিউজ ডেস্ক, ১৯ জানুৱাৰী : চীনত প্রাদুর্ভাৱ ঘটা ৰহস্যময় ভাইৰাছে ভাৰতত প্রৱেশ কৰাক লৈ দেশবাসী উদ্বিগ্ণ হৈ থকাৰ সময়তে জম্মু–কাশ্মীৰত ৰহস্যজনক ৰোগত আক্রান্ত হৈ ১৬জনৰ মৃত্যু ঘটিছে৷ কেন্দ্রীয়শাসিত অঞ্চলটোৰ ৰাজৌৰি জিলাৰ বাধাই গাঁৱত কেইবাদিনো ধৰি এবিধ ৰহস্যজনক ৰোগত আক্রান্ত হৈ ১৬জন লোকৰ মৃত্যু ঘটাক লৈ আতংকৰ সৃষ্টি হৈছে৷ ফ্লু জাতীয় ৰহস্যময় ৰোগত ১৬জনৰ প্রাণহানি হোৱাৰ লগতে গাঁওখনৰ বহুতো লোক এই ৰোগত আক্রান্ত হৈছে৷ স্বাস্থ্য বিভাগে এই সন্দর্ভত অনুসন্ধান চলাই আছে৷ উল্লেখ্য যে এই ৰোগত ১৬জনৰ মৃত্যু ঘটাৰ বিপৰীতে ৩৮জন লোক আক্রান্ত হৈ চিকিৎসালয়ত ভর্তি হৈ আছে৷ এই ৰহস্যময় ৰোগ চিনাক্ত কৰাৰ বাবে স্বাস্থ্য বিভাগে কেন্দ্রীয় চৰকাৰৰ প্রসিদ্ধ স্বাস্থ্য প্রতিষ্ঠানৰ বিশেষজ্ঞৰ দলে অঞ্চলটো ভ্রমণ কৰাৰ বাবে আহ্বান জনাইছে৷ প্রচণ্ড শীতৰ মাজত ৰহস্যময় ৰোগে বাধাই গাঁৱত সৃষ্টি কৰা অনাহূত পৰিস্থিতিয়ে সম্প্রতি অঞ্চলটোৰ আন আন গাঁওবাসীৰ মাজত আতংকৰ সৃষ্টি কৰিছে৷