নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাকাশলৈ পাকিস্তানৰ প্রথম দেশীয়ভাৱে নির্মিত কৃত্রিম উপগ্রহ

নিউজ ডেস্ক, ১৯ জানুৱাৰী : চীনৰ সহযোগত পাকিস্তানে মহাকাশলৈ প্রেৰণ কৰিলে দেশখনত নির্মিত প্রথমটো কৃত্রিম উপগ্রহ৷ চীনৰ উত্তৰ প্রান্তৰ জিউকুৱান ছেটেলাইট লন্স চেণ্টাৰৰ পৰা  পাকিস্তানত দেশীয়ভাৱে নির্মিত প্রথমটো কৃত্রিম উপগ্রহ ‘পিআৰএছচি–ইকিউ১’ মহাকাশলৈ প্রেৰণ কৰে৷ নিৰীক্ষণ উপগ্রহটোৱে পৃথিৱীৰ কক্ষপথত প্ৰদক্ষিণ কৰি থাকি পাকিস্তানৰ প্রাকৃতিক সম্পদ নিৰীক্ষণ আৰু ব্যৱস্থাপনা কৰাত সহযোগ কৰিব৷ একপ্রকাৰ পাকিস্তানৰ দুর্যোগ আৰু চহৰ পৰিকল্পনা, কৃষি বিকাশ আদিৰ ক্ষেত্রত এই কৃত্রিম উপগ্রহটোৰ দ্বাৰা লাভান্বিত হ’ব৷ পাকিস্তানৰ মহাকাশ যাত্রাত এক মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে এই উপগ্রহটো৷ চীনৰ লংমার্চ–২০ কেৰিয়াৰ ৰকেটৰ দ্বাৰা পাকিস্তানৰ কৃত্রিম উপগ্রহটোৰ লগতে আন দুটা উপগ্রহ মহাকাশলৈ প্রেৰণ কৰা হৈছে৷ উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্র, চীন আৰু ভাৰতসহ কেইবাখনো দেশে নিজাকৈ নির্মিত কৃত্রিম উপগ্রহ মহাকাশলৈ প্রেৰণ কৰাৰ পিছত পাকিস্তানেও এই দেশৰ শাৰীত স্থান লাভ কৰিলে৷ চীন মহাকাশ বিজ্ঞান আৰু প্রযুক্তিৰ ক’ৰ্পৰেচনে এক বিবৃতিত পাকিস্তানৰ স্বদেশত নির্মিত কৃত্রিম উপগ্রহটোৰ লগতে আন দুটা উপগ্রহ টিয়ানলু–১, ব্লু কার্বন–১ কৃত্রিম উপগ্রহ দুটা মহাকাশলৈ প্রেৰণ কৰা বুলি প্রকাশ কৰিছে৷

You might also like