নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা দশকৰ অন্তত ৰঞ্জি মেচত অংশগ্ৰহণৰ দিশে ৰোহিত-কোহলি

নিয়মীয়া বাৰ্তা ডিজিটেল, ২১ জানুৱাৰীঃ গৌতম গম্ভীৰ টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হোৱাৰ পিছৰে পৰা বহু সিদ্ধান্তৰে বিশ্ব ক্ৰিকেটক আচৰিত কৰি তুলিছে। ভাৰতীয় ক্ৰিকেটত গৌতম গম্ভীৰৰ এই প্ৰভাৱ যে এতিয়া ৰোহিত শৰ্মা আৰু বিৰাট কোহলিৰ দৰে ছুপাৰষ্টাৰক ৰঞ্জী ট্ৰফীত খেলা দেখা যাব। গম্ভীৰে বহুবাৰ টীম ইণ্ডিয়াৰ পৰা ছুপাৰষ্টাৰ সংস্কৃতিৰ অন্ত পেলোৱাৰ কথা কৈছে। ঘৰুৱা ক্ষেত্ৰত নিউজিলেণ্ডৰ হাতত আৰু ঘৰুৱা ক্ষেত্ৰত অষ্ট্ৰেলিয়াৰ হাতত টেষ্ট শৃংখলাত পৰাস্ত হোৱাৰ বাবেও গৌতম গম্ভীৰ বহু সমালোচনাৰ সন্মুখীন হৈছে যদিও তেওঁৰ কাৰ্যকালত দলীয় পৰিৱেশত বহু পৰিৱৰ্তন সাধন কৰিছে। গম্ভীৰৰ প্ৰভাৱৰ বাবেই ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৰঞ্জীৰ পৰৱৰ্তী ৰাউণ্ডত টীম ইণ্ডিয়াৰ ৭ৰ পৰা আঠজন খেলুৱৈয়ে খেলা দেখা যাব। ২০১২ চনৰ পিছত ৰঞ্জী ট্ৰফীত প্ৰথমখন মেচ খেলিবলৈ সাজু হৈছে টীম ইণ্ডিয়াৰ তাৰকা বেটছমেন বিৰাট কোহলি। ৰেলৱেৰ বিৰুদ্ধে দিল্লীৰ খেলৰ বাবে তেওঁ নিজকে উপলব্ধ কৰি তুলিছে। ২৩ জানুৱাৰীত সৌৰাষ্ট্ৰৰ বিৰুদ্ধে দিল্লীৰ আগন্তুক খেলখনত ডিঙিৰ ষ্ট্ৰেইনৰ বাবে খেলিব নোৱাৰিব যদিও তেওঁ দিল্লী এণ্ড ডিষ্ট্ৰিক্ট ক্ৰিকেট এছ’চিয়েশ্যনক জনাইছে যে তেওঁ দলটোৰ ৰঞ্জি ট্ৰফীৰ অন্তিমখন লীগ মেচত খেলিব খেলিবলৈ উপলব্ধ হব। চেম্পিয়নছ ট্ৰফীৰ দল ঘোষণা কৰাৰ সময়ত ৰোহিত শৰ্মাই স্পষ্ট কৰি দিছিল যে ২৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৰঞ্জী ট্ৰফীৰ পৰৱৰ্তী ৰাউণ্ডত খেলিব। সোমবাৰে যেতিয়া মুম্বাইৰ দল ঘোষণা কৰা হৈছিল তেতিয়া তাত ৰোহিতৰ নাম অন্তৰ্ভুক্ত আছিল। তেওঁ জম্মু-কাশ্মীৰৰ বিৰুদ্ধে ইনিংছ মুকলি কৰিব। আনহাতে এইবাৰ টীম ইণ্ডিয়াৰ বহু খেলুৱৈয়ে ৰঞ্জী মেচ খেলা দেখা যাব। ৰোহিত আৰু বিৰাটৰ উপৰি ইয়াত আছে ঋষভ পন্ত, যশস্বী জয়ছোৱাল, ৰবীন্দ্ৰ জাদেজা, মহম্মদ চিৰাজ, শ্ৰেয়াছ আয়াৰ, শিৱম ডুবে আৰু শুভমন গিল।

You might also like