ইজৰাইল-হামাছৰ যুদ্ধত নিহত ৪৬,০০০ৰো অধিক লোক
সুৰশ্ৰী শৰ্মাৰ প্ৰতিবেদন, ২২ জানুৱাৰীঃ অৱশেষত হাঁহি বিৰিঙিছে গাজাবাসীৰ মুখত। কিয়নো যুদ্ধবিৰতি আৰু জিম্মাত থকা লোকক মুকলি কৰি দিয়াৰ ক্ষেত্ৰত সন্মত হৈছে ইজৰাইল। কাটাৰ আৰু আমেৰিকাই বুধবাৰে ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি আৰু জিম্মাৰ মুক্তি চুক্তি ঘোষণা কৰে আৰু লগতে আশা প্ৰকাশ কৰি কয় যে ই গাজাত যুদ্ধৰ স্থায়ী সমাপ্তিৰ পথ প্ৰশস্ত কৰিব। মধ্যস্থতাকাৰী দেশকেইখনে এক চুক্তিৰ কথা ঘোষণাৰ পিছতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৰ কাৰ্যালয়ে কয় যে চূড়ান্ত সিদ্ধান্তৰ ওপৰত কাম কৰি থকা হৈছে। নেতান্যাহুৱে বুধবাৰে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ সৈতে কথা পাতি চুক্তিখন সুৰক্ষিত কৰাত তেওঁলোকৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হেৰ্জোগে কয় যে ২০২৩ চনৰ ৭ অক্টোবৰত হামাছৰ আক্ৰমণৰ সময়ত বন্দী কৰা লোকসকলক ঘূৰাই অনাৰ বাবে এই চুক্তিয়ে সঠিক পদক্ষেপ আছিল। ইজৰাইলী পৰিসংখ্যা অনুসৰি হামাছৰ এই আক্ৰমণ ইজৰাইলৰ ইতিহাসৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ আছিল। য’ত ১,২১০গৰাকী লোকৰ মৃত্যু হৈছিল। তাৰ ভিতৰত বেছিভাগে আছিল সাধাৰণ লোক। অৱশ্যে ইজৰাইলৰ পৰৱৰ্তী আক্ৰমণে গাজাৰ বেছিভাগ অঞ্চলত ধ্বংসলীলা চলাইছিল। ফলত ৪৬০০০ৰো অধিক লোক নিহত হয়।