গুজৰাটৰ অলংকাৰ সংস্থাই প্রস্তুত কৰিলে হীৰাৰ ড’নাল্ড
🔹 গৱেষণাগাৰত ৪.৫ কেৰেট হীৰাত প্রস্তুত কৰা হৈছে ট্রাম্পৰ মূর্তি
নিউজ ডেস্ক, ২৩ জানুৱাৰী : দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে শপতগ্রহণ কৰিছে ধনকুবেৰ ড’নাল্ড ট্রাম্পে৷ ট্রাম্প যিমানেই বিতর্কিত, সিমানেই জনপ্রিয় ব্যক্তি৷ আমেৰিকাৰ এই ৰাষ্ট্রপতি কিমান জনপ্রিয়, তাৰ উদাহৰণ পোৱা গ’ল ভাৰতৰ অলংকাৰ নগৰী ছুৰাটত৷ গুজৰাটৰ এই ছুৰাট মহানগৰৰ এটা হীৰাৰ অলংকাৰ নির্মাণকাৰী সংস্থাই প্রস্তুত উলিয়াইছে অভিনৱ ‘হীৰাৰ ট্রাম্প’৷ গৱেষণাগাৰত ৪.৫ কেৰেট হীৰাৰ ওপৰত প্রস্তুত কৰা হৈছে ট্রাম্পৰ মূর্তি৷ এই মূর্তি উপহাৰ হিচাপে দিয়া হ’ব আমেৰিকাৰ ৰাষ্ট্রপতিগৰাকীক৷ স্মর্তব্য যে ইয়াৰ পূর্বে এই হীৰাৰ অলংকাৰ নির্মাণকাৰী সংস্থাই প্রস্তুত কৰা ৭.৫ কেৰেটৰ এক অলংকাৰ প্রাক্তন মার্কিন ৰাষ্ট্রপতি জ’ বাইডেনৰ পত্নী জিল বাইডেনক উপহাৰ হিচাপে দিছিল ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এইবাৰ সংস্থাটোৱে নির্মাণ কৰি উলিয়ালে হীৰাৰ ট্রাম্প৷ ট্রাম্পৰ এই হীৰাখচিত মূর্তিত খৰচ হৈছে আনুমানিক ৮ লাখ ৫০ হাজাৰ টকা৷ ছুৰাটৰ হীৰা সংস্থাটোত মালিক স্মিথ পেটেলে উল্লেখ কৰা অনুসৰি তিনি মাহ ধৰি এই হীৰাত প্রস্তুত কৰা হৈছে ট্রাম্পৰ অৱয়ব৷ এয়া ভাৰত–মার্কিন সম্পর্কৰ প্রতীক বুলিও উল্লেখ কৰিছে পেটেলে৷ এই উপহাৰ মার্কিন ৰাষ্ট্রপতিগৰাকীলৈ প্রেৰণ কৰা হ’ব বুলিও পেটেলে সংবাদ মাধ্যমক জানিবলৈ দিছে৷ স্মর্তব্য যে আমেৰিকাৰ ৪১সংখ্যক ৰাষ্ট্রপতি হিচাপে ২০ জানুৱাৰীত শপত লৈছে ড’নাল্ড ট্রাম্পে৷ ইয়াৰ পিছতে নেতাগৰাকীয়ে অভিলেখসংখ্যক এক্সিকিউটিভ অর্ডাৰত স্বাক্ষৰ কৰিছে৷ এই অর্ডাৰ অনুসৰি বিশ্ব স্বাস্থ্য সংস্থাৰ পৰা পেৰিছ জলবায়ু চুক্তিলৈকে বিভিন্ন গুৰুত্বপূর্ণ মঞ্চৰ পৰা আমেৰিকাৰ সমর্থন প্রত্যাহাৰ হৈছে৷