নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ইউক্রেইন যুদ্ধত ৪ হাজাৰ উত্তৰ কোৰিয়ানৰ মৃত্যু

🔹 যুদ্ধৰ অনভিজ্ঞতাৰ বাবে প্রাণ হেৰুৱাইছে কিমৰ সেনাই

নিউজ ডেস্ক, ২৪ জানুৱাৰী : ৰাছিয়াৰ হৈ যুদ্ধ কৰি থকা উত্তৰ কোৰিয়াৰ সেনাৰ ৪০ শতাংশ নিহত হৈছে৷ পাশ্চাত্যৰ সেনা বিষয়াসকলে সংবাদ সংস্থাক জনোৱা অনুসৰি, ৰাছিয়াৰ পশ্চিম প্রান্তৰ কুর্স্ক অঞ্চলত ইউক্রেইনী বাহিনীৰ প্রবল আক্রমণৰ মুখামুখি হৈ প্রাণ হেৰুৱাবলগীয়া হৈছে উত্তৰ কোৰিয়াৰ চাৰি সহস্রাধিক সৈনিকে৷ পাশ্চাত্যৰ কেইবাগৰাকীও সেনা বিষয়াই দাবী কৰা অনুসৰি, কুর্স্কত উত্তৰ কোৰিয়াই প্রেৰণ কৰা ১১ হাজাৰ জোৱানে ইউক্রেইনৰ বিৰুদ্ধে যুদ্ধত অংশগ্রহণ কৰিছিল৷ ইয়াৰে চাৰি সহস্রাধিকৰ মৃত্যু হৈছে৷ লক্ষণীয়ভাৱে জানুৱাৰীৰ মাজভাগতেই এহেজাৰ উত্তৰ কোৰিয়ান সেনা নিহত হোৱা বুলি দাবী কৰিছে কেইবাখনো দেশৰ সেনা বিষয়াই৷ ইফালে, বহু আহত উত্তৰ কোৰিয়ান সৈনিক ইউক্রেইনৰ বাহিনীৰ হাতত বন্দী হোৱা বুলিও সংবাদ মাধ্যমক জনাইছে সেনা বিশেষজ্ঞসকলে৷ আহত জোৱানসকলক ক’ত চিকিৎসা প্রদান কৰা হৈছে, সেয়া অৱশ্যে এতিয়াও স্পষ্ট নহয়৷ স্মর্তব্য যে ব্রিটিছ সেনাৰ প্রাক্তন টেংক কমাণ্ডাৰ কর্নেল হামিছ ডে ব্রেটন–গর্ডনে উল্লেখ কৰা অনুসৰি, উত্তৰ কোৰিয়াই প্রেৰণ কৰা সৈনিকসকল যুদ্ধ সন্দর্ভত অনভিজ্ঞ৷ ৰাছিয়ান সেনা বিষয়াই এই সৈনিকসকলক প্রশিক্ষণ দি যুদ্ধক্ষেত্রলৈ প্রেৰণ কৰিছে যদিও দুর্গম অঞ্চলত ইউক্রেইনৰ সেনাক প্রত্যাহ্বান জনাব পৰাকৈ উত্তৰ কোৰিয়াৰ সেনাৰ দক্ষতা নাই বুলিও কর্নেল হামিছে জনাইছে৷ গতিকে, যুদ্ধক্ষেত্রত প্রাণ হেৰুৱাবলগীয়া হৈছে অনভিজ্ঞ এই উত্তৰ কোৰিয়াৰ সৈনিকসকলে৷ লক্ষণীয়ভাৱে এই বিষয়টো সন্দর্ভত ইউক্রেইনৰ তৰফৰ পৰা কোনোধৰণৰ মন্তব্য আগবঢ়োৱা হোৱা নাই৷

You might also like