ব্যাপক নিৰাপত্তা আৱেষ্টনীত চেম্পিয়নছ ট্রফী
নিয়মীয়া বাৰ্তা ডিজিটেল, ২৪ জানুৱাৰীঃ দীর্ঘদিনীয়া টনা–আঁজোৰাৰ অন্তত ফেব্রুৱাৰী মাহত আৰম্ভ হ’ব চেম্পিয়নছ ট্রফী৷ প্রতিযোগিতাখনৰ নিৰাপত্তাক লৈ কোনোধৰণৰ আপোচ কৰিব বিচৰা নাই পাকিস্তান ক্রিকেট ব’র্ডে৷ ১৭ হাজাৰ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ’ব প্রতিযোগিতাখনত৷ সুদীর্ঘ ২৯ বছৰৰ পাছত আইচিচিৰ কোনো প্রতিযোগিতা আয়োজন কৰিবলৈ আগবাঢ়িছে পাকিস্তান৷ ১৯ ফেব্রুৱাৰীৰ পৰা আৰম্ভ হ’ব চেম্পিয়নছ ট্রফী৷ নিৰাপত্তাৰ ক্ষেত্রত কোনোধৰণৰ সুৰুঙা যাতে ৰৈ নাযায় তাৰ বাবে সকলোধৰণৰ ব্যৱস্থা গ্রহণ কৰিছে মহছিন নকভিৰ ক্রিকেট ব’র্ডে৷ পাকিস্তান ব’ডৰ সূত্রই সদৰী কৰা অনুসৰি ইতিমধ্যে পঞ্জাব প্রদেশৰ চৰকাৰে নিৰাপত্তা কটকটীয়া কৰাৰ কাম আৰম্ভ কৰিছে৷ লাহোৰ আৰু ৰাৱালপিণ্ডিৰ হোটেল আৰু খেলপথাৰত কেনেধৰণৰ নিৰাপত্তাৰ ব্যৱস্থা কৰা হ’ব তাৰ পূর্ণ প্রস্তুতি চলিছে৷ জানিব পৰা মতে ষ্টেডিয়াম, হোটেল আৰু অংশগ্রহণকাৰী দলসমূহৰ নিৰাপত্তাৰ বাবে ১২,৫০০ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ’ব৷ ইয়াৰ ভিতৰত ৭,৫০০ নিৰাপত্তাৰক্ষী ষ্টেডিয়ামৰ নিৰাপত্তাৰ বাবে সাজু কৰি ৰখা হ’ব৷ অন্যসকলে হোটেলত নিৰাপত্তা প্রদান কৰিব৷ ইয়াৰ ভিতৰত কমাণ্ডোসকলো থাকিব৷ কৰাচীৰ খেলপথাৰত নিৰাপত্তাৰ বাবে কথা–বতৰা আৰম্ভ কৰিছে সিন্ধ প্রদেশৰ চৰকাৰে৷ খেলপথাৰ আৰু ষ্টেডিয়ামত কমেও ৫০০০ নিৰাপত্তাৰক্ষী মোতায়েন কৰা হ’ব বুলি জানিব পৰা গৈছে৷ কেৱল আৰক্ষীয়েই নহয়, নিৰাপত্তাৰ বাবে দেশৰ সেনাবাহিনীকো প্রস্তুত কৰি ৰখা হ’ব৷ প্রয়োজন হ’লে তেওঁলোকক কামত লগোৱা হ’ব৷ উল্লেখ্য যে ১৯৯৬ চনত পাকিস্তানত আইচিচিৰ অন্তিম প্রতিযোগিতা অনুষ্ঠিত হৈছিল৷ ইয়াৰ পিছত ২০১১ চনত এদিনীয়া বিশ্বকাপ আয়োজনৰ দায়িত্ব প্রথমতে তেওঁলোকক প্রদান কৰা হৈছিল৷ কিন্তু নিৰাপত্তাৰ অজুহাতত পাকিস্তানৰ সলনি বাংলাদেশক দায়িত্ব প্রদান কৰে আইচিচিয়ে৷ ২০২৩ চনত এছিয়া কাপ আয়োজনৰ দায়িত্ব লাভ কৰিছিল পাকিস্তানে৷ ভাৰতে খেলিবলৈ যাব নিবিচৰা বাবে পাকিস্তানৰ লগতে শ্রীলংকাতো মেচ অনুষ্ঠিত কৰা হয়৷ ভাৰতে নিজৰ মেচসমূহ শ্রীলংকাতে খেলিছিল৷ এইবাৰ চেম্পিয়নছ ট্রফীতো ভাৰতে পাকিস্তানত খেলিবলৈ বিচৰা নাছিল৷ ফলত ভাৰতৰ মেচসমূহ নিৰপেক্ষ স্থান ডুবাইত আয়োজন কৰা হৈছে৷