নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

স্নানৰত মহিলাৰ ভিডিঅ’ত অশ্লীল মন্তব্য কৰি গ্রেপ্তাৰ সাংবাদিক

🔹 মহাকুম্ভৰ পৱিত্র স্নান, হিন্দু দেৱ–দেৱীক লৈ আপত্তিকৰ মন্তব্য

নিউজ ডেস্ক, ২৪ জানুৱাৰী : উত্তৰ প্রদেশৰ প্রয়াগৰাজত চলি থকা মহাকুম্ভ মেলাত প্রতিদিনে হাজাৰ হাজাৰ ভক্তই ভিৰ কৰিছে৷ গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থলত পৱিত্র স্নান কৰিছে ভক্তসকলে৷ কুম্ভমেলালৈ অহা মহিলা ভক্তৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পাই দি গ্রেপ্তাৰ হৈছে উত্তৰ প্রদেশৰ এগৰাকী সাংবাদিক৷ অভিযোগ অনুসৰি, ভিডিঅ’ত এই মহিলা ভক্তসকলৰ বিৰুদ্ধে অশ্লীল মন্তব্য কৰাৰ উপৰি মহাকুম্ভৰ পৱিত্র স্নান আৰু হিন্দু দেৱ–দেৱীসকলক লৈ বিভিন্ন আপত্তিকৰ মন্তব্যও কৰিছে সাংবাদিকগৰাকীয়ে৷ বিষয়টো ৰাজ্যৰ প্রশাসনৰ নজৰলৈ অহাৰ লগে লগে কঠোৰ পদক্ষেপ গ্রহণ কৰা হয়৷ গ্রেপ্তাৰ হোৱা সাংবাদিকগৰাকীৰ নাম কামৰান আলভি৷ আলভিয়ে নিজেই এখন সংবাদ–পত্র আৰু ৱেবছাইট চলায়৷ অভিযোগ অনুসৰি, স্নানৰত মহিলা ভক্তসকলৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত মুকলি কৰি অশ্লীল মন্তব্য কৰিছিল আলভিয়ে৷

You might also like