নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যাত্রীৰ জোতা পালিচ কৰাজনেই এতিয়া ষ্টেচন মেনেজাৰ

🔹 অদম্য আকাংক্ষাৰ জৰিয়তে নজিৰ সৃষ্টি গজে সিঙৰ

নিউজ ডেস্ক, ২৪ জানুৱাৰী : সংসাৰ চলাবলৈ ৰে’ল ষ্টেচনত বহি যাত্রীসকলৰ জোতা পালিচ কৰিছিল৷ ৩৫ বছৰ পিছত সেই ষ্টেচনতেই ৰে’লৰ বিষয়া হৈ আহিল যুৱকজনে৷ গজে সিঙৰ কাহিনীক লৈ ব্যাপক চর্চা চলিছে সংবাদ মাধ্যমত৷ চলচ্চিত্রৰ কাহিনীকো হাৰ মনাব পৰা বাস্তৱ জীৱন গজে সিঙৰ৷ ষ্টেচনত যাত্রীসকলৰ মাজত গজ্জু নামেৰে পৰিচিত আছিল ৰাজস্থানৰ বাসিন্দা গজে সিং৷ শৈশৱৰ পৰা গজেৰ পৰিয়ালত আছিল অভাৱ–অনাটন৷ পিতৃ–মাতৃ আৰু ৮ ভাতৃ–ভগ্ণীৰ সংসাৰ৷ পৰিয়ালৰ মধ্যম সন্তান গজেই নিজৰ পঢ়া–শুনাৰ লগতে ভাতৃ–ভগ্ণীসকলৰ পঢ়া–শুনাৰ খৰচ উলিয়াবলৈ ষ্টেচনত জোতা পালিচ কৰিবলৈ লৈছিল৷ স্কুল ছুটীৰ পিছত সদায় গজ্জুৱে ৰে’ল ষ্টেচনলৈ গৈছিল৷ নিশালৈকে যাত্রীসকলৰ জোতা পালিচ কৰি যি ধন উপার্জন কৰিছিল, তাৰ জৰিয়তে নিজৰ লগতে ভাতৃ–ভগ্ণীসকলৰ পঢ়াৰ খৰচ উলিয়াইছিল৷ ইয়াৰ পিছত আকৌ বিভিন্ন অনুষ্ঠানত বেণ্ড বজোৱাৰ কামো চলাইছে গজ্জুৱে৷ এনেদৰেই হাজাৰ প্রত্যাহ্বান সত্ত্বেও বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু বিএড ডিগ্রী লাভ কৰিবলৈ সক্ষম হয় গজে সিঙে৷ ইয়াৰ পিছত বিভিন্ন প্রতিযোগিতাত অৱতীর্ণ হৈ বাৰে বাৰে ব্যর্থ হ’বলগীয়া হয় গজে সিং৷ ২৫বাৰ বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাত ব্যর্থ হোৱাৰ পিছত ৰে’ল বিভাগৰ পৰীক্ষাত সফলতা লাভ কৰে গজেই৷ ইয়াৰ পিছতে প্রথম পোষ্টিং লাভ কৰে বিকেনাৰত৷ বিকেনাৰৰ পিছত বেৱাৰৰ ষ্টেচনত মেনেজাৰ হিচাপে পদোন্নতি লাভ কৰে গজে সিঙে৷ লক্ষণীয়ভাৱে এই ষ্টেচনতেই যাত্রীসকলৰ জোতা পালিচ কৰিছিল গজে সিঙে৷ ষ্টেচনটোত ৩৫ বছৰ পিছত ৰে’ল বিভাগৰ বিষয়া হিচাপে আহি উপস্থিত হয় গজেই৷ অদম্য আকাংক্ষা আৰু অধ্যৱসায়ৰ বলত গজেই নিজৰ ভাগ্য নিজেই সলনি কৰি এক নজিৰ হিচাপে চিহ্ণিত হৈছে৷

You might also like