নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিধ্বস্ত উত্তৰ গাজালৈ উভতিল ২ লাখ পেলেষ্টাইনী

🔹 প্রথমবাৰলৈ পথ মুকলি কৰি দিলে ইজৰাইল চৰকাৰে

বিশেষ বাৰ্তা, ২৮ জানুৱাৰী : চলিত সপ্তাহতে ছগৰাকী পণবন্দীক হামাছে মুক্তি দিব বুলি ঘোষণা কৰাৰ পিছতে কালি উত্তৰ গাজালৈ যাত্রা কৰিব পৰা সকলো পথ মুকলি কৰি দিয়ে ইজৰাইলে৷ দক্ষিণ গাজাৰ তালাচী চকীসমূহ মুকলি কৰি দিয়াৰ পিছতে কালি প্রথম দুঘণ্টাৰ ভিতৰত ২ লক্ষাধিক পেলেষ্টাইনী লোকে উত্তৰ গাজাত প্রৱেশ কৰে৷ ইতিমধ্যে ধ্বংসস্তূপত পৰিণত হোৱা উত্তৰ গাজাত উপস্থিত হৈ হাহাকাৰ কৰিবলগীয়া হৈছে পেলেষ্টাইনী লোকসকলে৷ যুদ্ধবিৰতি আৰম্ভ হোৱাৰ পিছৰে পৰা বন্দী বিনিময় প্রক্রিয়া চলি আছে হামাছ আৰু ইজৰাইলৰ মাজত৷ ইতিমধ্যে ৭গৰাকী ইজৰাইলী পণবন্দীক মুক্তি দিছে হামাছে৷ ইয়াৰ বিপৰীতে দীর্ঘদিন ধৰি বন্দী হৈ থকা কেইবাশও পেলেষ্টাইনীক মুক্তি দিছে ইজৰাইলে৷ আগন্তুক কেইসপ্তাহমানৰ ভিতৰত অন্য ১৮গৰাকী পণবন্দীক মুক্তি দিব হামাছে৷ লক্ষণীয়ভাৱে ইজৰাইল চৰকাৰে কালি ঘোষণা কৰা অনুযায়ী হামাছৰ জিম্মাত থকা ২৬গৰাকী পণবন্দীৰ ৮জনৰ ইতিমধ্যে মৃত্যু হৈছে৷ শেহতীয়াকৈ হামাছে এই কথা সদৰী কৰা বুলি ইজৰাইলে কালি ঘোষণা কৰিছে৷ গতিকে, আগন্তুক দিনত ১৮গৰাকী পণবন্দীক মুক্তি দিয়া হ’ব৷ স্মর্তব্য যে ৪২ দিনৰ ভিতৰত বন্দী বিনিময় প্রক্রিয়া সম্পূর্ণ কৰিব ইজৰাইল আৰু হামাছে৷ যুদ্ধবিৰতিৰ প্রথম পর্যায় হিচাপে এই ৪২ দিনত উভয় পক্ষই বন্দী বিনিময় কৰিব৷ ইয়াৰ পিছতে দ্বিতীয় পর্যায়ত গাজাত শান্তি আৰু সুস্থিৰতাৰ কথা চিন্তা কৰিব উভয় পক্ষই৷ যুদ্ধবিৰতিয়ে দীর্ঘস্থায়ী ৰূপ পালে তৃতীয় পর্যায়ত গাজাৰ পুনৰ নির্মাণৰ বিষয়টোৰ ওপৰত গুৰুত্ব প্রদান কৰা হ’ব৷ অৱশ্যে যুদ্ধবিৰতিৰ সময়ছোৱাত হামাছে চর্ত মানি নল’লে পৰিস্থিতি ভয়াৱহ হ’ব বুলি হুংকাৰ দি আহিছে ইজৰাইলৰ প্রধানমন্ত্রী বেঞ্জামিন নেতান্যেহুৱে৷ যিকোনো পৰিস্থিতিতে চর্ত উলংঘা হ’লে ইজৰাইলে পুনৰ সামৰিক অভিযান আৰম্ভ কৰিব বুলি ঘোষণা কৰিছে নেতাগৰাকীয়ে৷

You might also like