নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতসহ বিশ্বৰ সকলো দেশলৈ মার্কিন সাহায্যত নিষেধাজ্ঞা

🔹 কঠোৰ সিদ্ধান্ত গ্রহণ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ

নিউজ ডেস্ক, ২৮ জানুৱাৰী : প্রচাৰৰ সময়তে ড’নাল্ড ট্রাম্পে হুংকাৰ দিছিল৷ শপতগ্রহণ কৰিয়েই এক্সিকিউটিভ অর্ডাৰত স্বাক্ষৰ কৰে ট্রাম্পে৷ ভাৰতসহ বিশ্বৰ সকলো দেশলৈ আর্থিক সাহায্য বন্ধ কৰিছে ট্রাম্পে৷ অর্থাৎ বিভিন্ন দেশলৈ আগবঢ়োৱা সাহায্যত নিষেধাজ্ঞা আৰোপ কৰিছে মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ বিভিন্ন দেশে লাভ কৰি থকা মার্কিন সাহায্য সন্দর্ভত পর্যালোচনা আগবঢ়োৱা হ’ব বুলি উল্লেখ কৰিছে ট্রাম্পে৷ লক্ষণীয়ভাৱে ট্রাম্পে গ্রহণ কৰা ‘আমেৰিকা প্রথম’ নীতিৰ বাবেই পূর্বৰে পৰা বিভিন্ন দেশক প্রদান কৰি অহা সাহায্য বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰাষ্ট্রপতিগৰাকীয়ে৷ এই সন্দর্ভত ৰাষ্ট্রপতিগৰাকীয়ে এক্সিকিউটিভ অর্ডাৰত স্বাক্ষৰ কৰাৰ পিছতে বিভিন্ন দেশত বিষয়টোক লৈ সৃষ্টি হৈছে প্রতিক্রিয়া৷ মার্কিন বিদেশ দপ্তৰ আৰু আন্তর্জাতিক উন্নয়নৰ বাবে থকা মার্কিন সংস্থা ইউএছএইউৰ জৰিয়তে যি ধন অন্য দেশে লাভ কৰি আহিছিল, তাৎক্ষণিকভাৱে তাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে৷ অৱশ্যে ইজৰাইল আৰু ইজিপ্তে পূর্বৰ দৰে আমেৰিকাৰ সাহায্য লাভ কৰি থাকিব বুলি ঘোষণা কৰিছে হোৱাইট হাউছে৷

You might also like