১ ছেকেণ্ড আগবাঢ়িছে ‘ডুমছ ডে ক্লক’: ভয়াৱহ দিনৰ আগজাননী
নিয়মীয়া বাৰ্তা ডিজিটেল, ৩১ জানুৱাৰীঃ ‘ডুমছ ডে ক্লক’ৰ মহাপ্রলয়ৰ পৰা মাত্র ৯০ ছেকেণ্ড দূৰত অৱস্থান কৰিছিল পৃথিৱী৷ এইবাৰ আৰু ১ ছেকেণ্ড আগবাঢ়িল৷ অর্থাৎ মহাপ্রলয়ৰ পৰা আৰু ৮৯ ছেকেণ্ড দূৰত সভ্যতা৷ ‘বুলেটিন অৱ দ্য এট’মিক ছাইণ্টিষ্টছ’ৰ মুৰব্বী ডেনিয়েল হোলৎছে উল্লেখ কৰা অনুসৰি, এই অৱস্থাত বিশ্বৰ নেতাসকলৰ বাবে এক সকীয়নি৷ উল্লেখ কৰা ভাল যে এই ৮৯ ছেকেণ্ড কিন্তু প্রতীকী৷ পর্যায়ক্রমে সভ্যতা ধ্বংসৰ মুহূর্ত চিহ্ণিত কৰি চলিছে এই ছেকেণ্ডবোৰ৷ আচলতে এই ডুম্ছ ডে ক্লক কি ই এনে এটা ঘড়ী যিয়ে পৃথিৱীক আগুৰি থকা বিপদৰ মাত্রা অনুসৰি ঘূৰি থাকে৷ ১৯৪৭ চনত বুলেটিন অৱ এট’মিক ছাইণ্টিষ্টছৰ সদস্য তথা শিল্পী মার্টিন লেংছডর্ফে ডুম্ছ ডে’ ক্লক প্রস্তুত কৰিছিল৷ ইয়াৰ জৰিয়তে জনাই দিয়া হৈছিল যে ঘড়ীৰ কাটা মধ্য ৰাতিলৈ যোৱা মানেই ধ্বংস হ’ব মানৱ সভ্যতা৷ পাৰমাণৱিক যুদ্ধ, জলবায়ু পৰিৱর্তন, জনস্বাস্থ্যৰ দৰে বিষয়ত শেহতীয়াকৈ উদ্বেগ বৃদ্ধি পাইছে৷ বিশেষকৈ ড’নাল্ড ট্রাম্প দ্বিতীয়বাৰ আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পিছতে উদ্বিগ্ণ বিশেষজ্ঞসকল৷ সেইবাবে ১ ছেকেণ্ড আগবঢ়াই দিয়া হৈছে ঘড়ীৰ কাটা৷ ইয়াৰ পূর্বে ২০২২ চনত ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পিছতে ১ ছেকেণ্ড আগবঢ়োৱা হৈছে৷ এইবাৰ পৰিস্থিতি অধিক জটিল হৈ পৰিব বুলি ইংগিত দিছে বিশেষজ্ঞসকলে৷