চেম্পিয়নছ ট্রফীৰ উদ্বোধনী অনুষ্ঠান–অধিনায়কৰ ফটোশ্বুট বাতিল
🔹 বৃহৎ আঘাতৰ সন্মুখীন পাকিস্তান ক্রিকেট ব’ৰ্ড !
নিউজ ডেস্ক, ১ ফেব্ৰুৱাৰী : আইচিচি চেম্পিয়নছ ট্ৰফীলৈ মাজত আৰু মাত্র প্রায় তিনিটা সপ্তাহ৷ ক্রিকেটপ্রেমীৰ মাজত স্বাভাৱিকতেই দেখা পোৱা গৈছে উৎকণ্ঠা৷ পিছে তাৰ মাজতে প্রতিযোগিতাৰ আয়োজক পাকিস্তান ক্রিকেট ব’ৰ্ড এক বৃহৎ আঘাতৰ সন্মুখীন হৈছে৷ প্রকাশিত খবৰ অনুসৰি, পিচিবিয়ে এইবাৰৰ চেম্পিয়নছ ট্ৰফীৰ মুকলি অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত লৈছে৷ লগতে প্রতিযোগিতাখনৰ পূর্বে সকলো দলৰ অধিনায়কৰ সংবাদ মেল আৰু আনুষ্ঠানিক ফটোশ্বুটৰ কার্যসূচীও বাতিল হৈছে৷ পাকিস্তানৰ সংবাদ মাধ্যমৰ দাবী অনুসৰি পাকিস্তান ব’র্ডে চেম্পিয়নছ ট্ৰফীৰ মুকলি অনুষ্ঠানকে ধৰি সকলো ইভেণ্ট বাতিল কৰাৰ সিদ্ধান্ত লৈছে৷ প্রতিযোগিতাত অংশ ল’বলগীয়া দুটা দলে ক্রমে অষ্ট্রেলিয়া আৰু ইংলেণ্ড সময় মতে পাকিস্তানত উপস্থিত হ’ব নোৱাৰাৰ বাবে এই সিদ্ধান্ত ল’ব লগা হৈছে বুলি এই প্রতিবেদনত দাবী কৰা হৈছে৷ অষ্ট্রেলিয়াই সম্প্রতি শ্রীলংকাৰ বিপক্ষে আৰু ইংলেণ্ডে ভাৰতৰ বিপক্ষে দ্বিপাক্ষিক শৃংখলাত ব্যস্ত আছে৷ দুয়োটা দলে সেয়ে সময় মতে পাকিস্তানত উপস্থিত হোৱাত অসুবিধাৰ সন্মুখীন হ’ব৷ এনে পৰিস্থিতিত এই ইভেণ্টসমূহ বাতিল কৰাৰ সিদ্ধান্ত লোৱা বুলি সংবাদ মাধ্যমে প্রকাশ কৰিছে৷ ইফালে, এই কার্যসূচীসমূহ বাতিল হোৱাৰ ফলত ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শর্মাৰ পাকিস্তান ভ্রমণ সন্দর্ভত চলি থকা জল্পনা–কল্পনাৰো অন্ত পৰিল৷ ভাৰতীয় অধিনায়কগৰাকীয়ে সংবাদ মেল তথা ফটোশ্বুটৰ বাবে পাকিস্তানলৈ যাব পাৰে বুলি দাবী কৰা হৈছিল৷ ইফালে, এই অনুষ্ঠানসমূহৰ লগতে পাকিস্তানে এতিয়া চেম্পিয়নছ ট্ৰফী আয়োজনৰ স্বত্ব হেৰুওৱাৰ আশংকায়ো গা কৰি উঠিছে৷ প্রতিযোগিতাৰ বাবে মাত্র তিনিটা সপ্তাহহে বাকী আছে যদিও পিচিবিয়ে এতিয়াও মেচ অনুষ্ঠিত হ’বলগীয়া ষ্টেডিয়ামসমূহ সাজু কৰি তুলিব পৰা নাই৷ এই ষ্টেডিয়ামসমূহৰ নির্মাণৰ বাবে সময়সীমা বান্ধি দিয়া হৈছিল যদিও কাম এতিয়াও সম্পূর্ণ হোৱা নাই৷ পূর্বে ৩১ ডিচেম্বৰ সময়সীমা দিয়া হৈছিল যদিও সেই সময়তো পিচিবিয়ে কাম সম্পূর্ণ কৰিব নোৱাৰিলে৷ অৱশ্যে চেম্পিয়নছ ট্ৰফীৰ পূর্বে ষ্টেডিয়ামসমূহ সাজু হ’ব বুলি এতিয়াও দাবী কৰি আছে পাকিস্তানী ব’র্ডে৷ ৭ ফেব্রুৱাৰীত লাহোৰ ষ্টেডিয়াম আৰু ১১ ফেব্রুৱাৰীত কৰাচী ষ্টেডিয়াম উদ্বোধন কৰাৰ কথাও ঘোষণা কৰিছে৷ লক্ষণীয়ভাৱে লাহোৰ আৰু কৰাচী ষ্টেডিয়ামৰ শেহতীয়াকৈ প্রকাশিত ছবিসমূহত ফ্লাডলাহট আৰু ভিআহপি বক্সৰ দৰে গুৰুত্বপূর্ণ কাম এতিয়াও অসম্পূর্ণ হৈ থকা পৰিলক্ষিত হৈছে৷ ষ্টেডিয়াম দুখনৰ বাবে আইচিচিয়ে দিয়া সময়সীমা আজি সমাপ্ত হ’ব৷ এনে পৰিস্থিতিত পাকিস্তান ব’র্ডে দাবী কৰাৰ দৰে কাম সম্পূর্ণ কৰিব পৰাৰ সম্ভাৱনা প্রায় শূন্য বুলিব পাৰি৷ গতিকে আইচিচিয়ে পৰৱর্তী সময়ত কেনে সিদ্ধান্ত লয়, সেয়া হ’ব লক্ষণীয়৷