নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৱাংখেড়েত আজি পঞ্চম তথা অন্তিম টি–২০

🔹 সান্ত্বনাসূচক জয়ৰ লক্ষ্যৰে ভাৰতৰ বিৰুদ্ধে অৱতীর্ণ হ’ব ইংৰাজ বাহিনী

নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : ঘৰুৱা দল টীম ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি–২০ শৃংখলাৰ পঞ্চম তথা অন্তিমখন মেচ আজি মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব৷ ইতিমধ্যে ৩–১ৰ অগ্রগতিৰে ভাৰতে শৃংখলাটো দখল কৰিলেও দলটোক বেটিং ব্যর্থতাই চিন্তিত কৰি তুলিছে৷ বিগত মেচকেইখনত আগশাৰীৰ বেটাৰসকলে ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ অপেনাৰ সঞ্জু ছেমছনৰ লগতে সম্পূর্ণৰূপে ব্যর্থ হয় অধিনায়ক সূর্যকুমাৰ যাদৱ৷ ইফালে, অভিষেক শর্মা, তিলক বার্মায়ো ধাৰাবাহিকভাৱে উন্নত প্রদর্শন দাঙি ধৰাত ব্যর্থ হয়৷ আগশাৰীৰ বেটাৰসকলৰ এই ব্যর্থতাই অধিক চিন্তাত পেলাইছে ঘৰুৱা দলটোক৷ আজি ৱাংখেড়েত হ’বলগীয়া মেচখন ঘৰুৱা দলটোৰ বাবে বিশেষ গুৰুত্বপূর্ণ নহয় যদিও আগশাৰীৰ বেটাৰসকলে নিজৰ ফর্ম উদ্ধাৰ কৰাৰ বাবে এক সুযোগ লাভ কৰিব৷ বিশেষকৈ অধিনায়ক সূর্যকুমাৰে নিজৰ ফর্ম উদ্ধাৰ কৰাৰ বাবে আজিৰ মেচখনত দীঘলীয়া ইনিংছ খেলাটো অত্যন্ত প্রয়োজন হৈ পৰিছে৷ ইফালে, শৃংখলাটোত পৰাজয়ৰ ব্যৱধান হ্রাস কৰাৰ বাবে আজিৰ মেচখনত জয়লাভ কৰাৰ চেষ্টা চলাব ইংৰাজ বাহিনীয়ে৷ শৃংখলাটো হেৰুৱালেও অন্তিম মেচত সান্ত্বনাসূচক জয়ৰ লক্ষ্যৰে অৱতীর্ণ হ’ব জ’ছ বাটলাৰ বাহিনী৷ খেলৰ সময় : নিশা ৭.০০ বজা ৷

You might also like