🔹 উত্তৰ প্রদেশৰ মেৰঠত চাঞ্চল্যকৰ হত্যাকাণ্ড
নিউজ ডেস্ক, ২ ফেব্রুৱাৰী : পত্নীৰ ভগ্ণী অর্থাৎ খুলশালীয়েকৰ সৈতে বিবাহবহির্ভূত সম্পর্কত জড়িত হৈ পৰিছিল যুৱক৷ কিন্তু পত্নীক এৰিবলৈও প্রস্তুত নাছিল যুৱকজন৷ পত্নীৰ সৈতে বিবাহ বিচ্ছেদৰ চাপ দিয়াৰ বাবেই খুলশালীয়েকক হত্যা কৰিলে যুৱকজনে৷ জ্বলাই দিলে খুলশালীয়েকৰ মৃতদেহ৷ নিজৰ দুই বন্ধুৰ সহযোগত এই কাম কৰে যুৱকজনে৷ ঘটনাৰ ১০ দিনৰ পিছত অভিযুক্ত যুৱকক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ উত্তৰ প্রদেশৰ মেৰঠত সংঘটিত হৈছে এই শিহৰণকাৰী ঘটনা৷ মৃত তৰুণীৰ নাম প্রিয়ংকা৷ প্রিয়ংকাৰ জ্যেষ্ঠ ভগ্ণীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল আশিস সিং৷ যোৱা ২১ জানুৱাৰীত খুলশালীয়েকক ঘৰৰ পৰা মাতি লৈ যায় আশিসে৷ তাৰ পিছৰে পৰা খুলশালীয়েক প্রিয়ংকা ঘৰলৈ উভতি অহা নাই৷ বহু বিচৰাৰ পিছত আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে পৰিয়ালে৷ ইয়াৰ পিছতে এটা পুখুৰীৰ তীৰৰ পৰা তৰুণীৰ আধাপোৰা মৃতদেহ উদ্ধাৰ কৰে আৰক্ষীয়ে৷ পৰহি অভিযুক্ত যুৱক আশিসক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ প্রথমতে অভিযুক্তই আৰক্ষীক ভুল তথ্য দি বিভ্রান্তিৰ সৃষ্টি কৰিছিল যদিও আৰক্ষীৰ জেৰাত তৰুণীজনীক হত্যাৰ কথা স্বীকাৰ কৰে৷