নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কুম্ভমেলাত সমস্যাৰ সন্মুখীন হোৱা হিন্দুক সহায় মুছলমানৰ

🔹 পদপিষ্টৰ ঘটনাৰ পিছতে মছজিদ–মাদ্রাছাত আশ্রয়

নিউজ ডেস্ক, ৩ ফেব্রুৱাৰী : কুম্ভমেলাত এইবাৰ মুছলিমসকলৰ যোগদানক লৈ বিভিন্ন ‘বাধা নিষেধ’ আছিল৷ ব্যৱসায়ৰ ক্ষেত্রতো বাধা দিয়া হৈছিল বুলি অভিযোগ উঠিছিল৷ কিন্তু কুম্ভমেলাৰ পুণ্যার্থীসকল যেতিয়াই বিপদত পৰিল, তেতিয়াই স্থানীয় সংখ্যালঘুসকল সহায় কৰিবলৈ আগবাঢ়ি আহিছে৷ পদপিষ্ট হোৱাৰ ঘটনাৰ পিছত প্রয়াগৰাজত তীব্র যান–জঁটত আবদ্ধ হৈ পৰে বহু ভক্ত৷ বিশৃংখলাৰ বাবে বহুতেই নির্দিষ্ট যান–বাহন ধৰিব নোৱাৰিলে৷ তেনে দুর্গত ভক্তসকলৰ বাবে মছজিদ, মাদ্রাছা আনকি নিজৰ ঘৰৰ দুৱাৰ খুলি দিলে স্থানীয় মুছলমানসকলে৷ ঘৰতেই কুম্ভমেলালৈ অহা এই ভক্তসকলক খাদ্য, খোৱাপানী আৰু কম্বল যোগান ধৰিছে স্থানীয় মুছলিম লোকসকলে৷ যোৱা ১৯ জানুৱাৰীত কুম্ভমেলাত পদপিষ্ট হৈ মৃত্যু হয় ত্রিশগৰাকী লোকৰ৷ এই ঘটনাত আহত হৈছে শতাধিক লোক৷ পদপিষ্টৰ ঘটনাৰ পিছতে কুম্ভমেলাত সৃষ্টি হয় চৰম বিশৃংখলা৷ ঘণ্টাৰ পিছত ঘণ্টা একেটা স্থানতে আবদ্ধ হৈ থাকিবলগীয়া হয় বহু লোক৷ এনে লোকসকলক স্থানীয় মুছলমানসকলে সহায় আগবঢ়োৱা বিষয়টোৱে এতিয়া সংবাদ মাধ্যমত ব্যাপক চর্চা চলিছে৷ এই ঘটনাক বিভিন্ন মহলে প্রশংসা কৰা পৰিলক্ষিত হৈছে৷

You might also like